২০২৭ চনত অসমলৈ অনা হ’ব বৃন্দাবনী বস্ত্ৰঃমুখ্যমন্ত্ৰী

২০২৭ চনত অসমলৈ অনা হ’ব বৃন্দাবনী বস্ত্ৰঃমুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- গুৰুজনাৰ অপূৰ্ব সৃষ্টি আপুৰুগীয়া বৃন্দাবনী বস্ত্র অসমলৈ অনাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে শনিবাৰে লণ্ডন অভিমুখে ৰাওনা হৈছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা । বৃন্দাবনী বস্ত্ৰ অনাৰ ক্ষেত্ৰত লণ্ডন মিউজিয়ামৰ সৈতে হ’বলগা আলোচনাত অংশগ্ৰহণৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে লণ্ডনলৈ উৰা মৰাৰ পূর্বে ফেচবুক লাইভযোগে বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ পদক্ষেপ সন্দৰ্ভত বিস্তৃত বৰ্ণনা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ফেচবুক লাইভযোগে মুখ্যমন্ত্রী ড০ শৰ্মাই বৃন্দাবনী বস্ত্র অনাৰ প্ৰসংগত উল্লেখ কৰে যে অসমৰ কোনো এটা প্ৰজন্মই এই বৃন্দাবনী বস্ত্রখন স্বচক্ষে দেখিবলৈ পোৱা নাই। অৱশ্যে লণ্ডনৰ মিউজিয়ামত অথবা পেৰিছৰ মিউজিয়ামত কিছু লোকে ইয়াক প্রত্যক্ষ কৰিছে। সেয়েহে ৰাজ্যবাসীক বৃন্দাবনী বস্ত্ৰক সন্মুখৰ পৰা প্ৰত্যক্ষ কৰাৰ সুযোগ দিবলৈ ৰাজ্য চৰকাৰে এই প্রক্রিয়া আৰম্ভ কৰিছে। মুখ্যমন্ত্রী ড° শর্মাই কয়- এই প্ৰক্ৰিয়াৰ অংশস্বৰূপে  লণ্ডন মিউজিয়ামৰ সৈতে অসম চৰকাৰৰ আলোচনা অনুষ্ঠিত হ’ব। জে এছ ডব্লিউৰ স্বত্বাধিকাৰ স্বজ্জন জিন্দালে লণ্ডন মিউজিয়ামৰ সৈতে অসম চৰকাৰক প্ৰত্যক্ষ সংযোগ কৰাই দিয়াত আগভাগ লৈছে। তেওঁলোকে দায়িত্ব লৈছে যে লণ্ডন মিউজিয়ামে বিচৰা ধৰণে অসমতো এটা লণ্ডন মিউজিয়ামৰ পৰিৱেশৰ সৈতে খাপ খোৱা এটা সংগ্ৰহালয় অসমত নিৰ্মাণ কৰিব। এই সংগ্ৰহালয়টোৰ প্ৰয়োজন এই কাৰণে যে ৫০০ বছৰ পুৰণি এখন বস্ত্ৰ যথেষ্ট স্পৰ্শকাতৰ পৰিৱেশত আছে। বৃন্দাবনী বস্তুভাগ যদি পৰিৱেশ অনুকূল নহয়, জহি-খহি যাব পাৰে। এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই লণ্ডন মিউজিয়ামৰ সৈতে অনুষ্ঠিত হ’ব বৈঠক। মুখ্যমন্ত্রীয়ে কয়- এই বৈঠকত মোৰ লগতে ভাৰতৰ ৰাষ্ট্ৰদূতগৰাকীয়েও অংশগ্ৰহণ কৰিব। সমগ্ৰ বৈঠক সন্দৰ্ভত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়েও খবৰ ৰাখিছে। যদি গুৰুজনাই আশীর্বাদ দিয়ে, লণ্ডন মিউজিয়ামৰ সৈতে এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হ’ব। এই বুজাবুজি চুক্তি অনুসৰি ২০২৭ চনত বৃন্দাবনী বস্তুভাগ অসমলৈ অনা হ’ব। এই চুক্তি অনুসৰি অহা দুবছৰত আমি লণ্ডন মিউজিয়ামৰ আৰ্হিৰ এক সংগ্ৰহালয় অসমত নিৰ্মাণ কৰিব লাগিব। খানাপাৰাৰ ৰেচম বিভাগৰ চৌহদত ইতিমধ্যে এই সংগ্ৰহালয়টোৰ বাবে ভূমি আবণ্টন দিয়া হৈছে সাংস্কৃতিক বিভাগক। স্বজ্জন জিন্দালে এই সংগ্ৰহালয়টো নিৰ্মাণৰ উদ্যোগ ল’ব। কিন্তু মিউজিয়ামটোৰ স্বত্বাধিকাৰ হ’ব ৰাজ্য চৰকাৰ। বৃন্দাবনী বস্ত্ৰভাগ অসমলৈ অনাৰ লগতে দিল্লী-মুম্বাইলৈও লৈ যোৱাৰ প্ৰচেষ্টা চলোৱা হ’ব যাতে দেশৰ অন্য প্রান্তেও মহাপুৰুষজনাৰ অমূল্য অৱদানৰ বিষয়ে জানিব পাৰে। অসমীয়া সভ্যতা কিমান চহকী আছিল, তাক যাতে ভাৰতবৰ্ষৰ আন জনগণেও জানিব পাৰে। মুখ্যমন্ত্ৰীগাৰীকয়ে লগতে উল্লেখ কৰে যে বৃন্দাবনী বস্ত্ৰ ৰাখিবলৈ নিৰ্মাণ হ’বলগীয়া সংগ্ৰহালয়টোৰ জৰিয়তে বহু আপুৰুগীয়া সম্পদ অসমত আনি ৰাখিব পৰা হ’ব। একেদৰে অসমৰ পৰাও বিভিন্ন আপুৰুগীয়া সম্পদ দেশৰ বিভিন্ন স্থানৰ সংগ্ৰহালয়লৈ নিয়াৰ সুবিধা হ’ব।  ইফালে মুখ্যমন্ত্রীয়ে ফেচবুক লাইভযোগে অহা ১৮ নৱেম্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিনটোত সমগ্ৰ ৰাজ্যতে ৰক্তদান শিবিৰ অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰে। উক্ত দিনা অসমৰ ৫৩টা স্থানত ৰাজ্যিক বিজেপিৰ উদ্যোগত অনুষ্ঠিত হ’বলগা শিবিৰত লণ্ডনৰ পৰা উভতিয়েই ৰক্তদান কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্রী ড° শৰ্মাই। এই সন্দর্ভত মুখ্যমন্ত্রীয়ে ফেচবুক লাইভযোগে কয়- এই ৰক্তদান শিবিৰত বিজেপি-অগপ-বিপিএফ-ইউপিপিএলৰ মন্ত্ৰী-বিধায়কসকলৰ লগতে কার্যকর্তাসকলে অংশগ্রহণ কৰিব। তদুপৰি এই ৰক্তদান শিবিৰত সকলো ধৰণৰ ৰাইজক যোগদান কৰিবলৈ আহ্বান জনালে।