২০২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিত নতুন মুখে পাব প্ৰাধান্য : মুখ্যমন্ত্ৰী 

২০২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিত নতুন মুখে পাব প্ৰাধান্য : মুখ্যমন্ত্ৰী 

ৰঙিলী বাৰ্ত্তাসেৱা- ২০২৬ৰ  বিধানসভা নির্বাচনত বিজেপিত নতুন মুখে পাব প্ৰাধান্য পাব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰিলে। তৃণমূল পর্যায়ত নির্বাচনক লৈ ৰাজ্যিক বিজেপিয়ে আৰম্ভ কৰা তৎপৰতাৰ মাজতে প্রার্থিত্বকেন্দ্রিক বিষয়টোৱে যথেষ্ট চৰ্চাৰ সৃষ্টি কৰিছে। এনে চৰ্চাৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য- বিজেপিৰ মহিলা আৰু যুৱশক্তিক নির্বাচনত প্রাধান্য দিয়া হ’ব। উমৰাংছ’ত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° শর্মাই এই সন্দর্ভত কয়- বিজেপিত প্রত্যেক বছৰে মহিলাৰ সংখ্যা বৃদ্ধি কৰা হয়, যুৱকৰ সংখ্যা বৃদ্ধি কৰা হয়। আমাৰ লক্ষ্য হ’ল যে বিজেপি এটা যুৱ শক্তিকেন্দ্রিক দল হৈ থাকে। সেইবাবে প্রত্যেক নির্বাচনতে নতুন মুখক প্রাধান্য দিয়া হয়। বিগত নির্বাচনত তৰংগ গগৈৰ দৰে যুৱশক্তিক অগ্ৰাধিকাৰ দিয়া হৈছিল। এইবাৰ লক্ষ্য হ’ব তৰংগ গগৈতকৈও কম বয়সৰ ল’ৰা আগুৱাই আহক। এজন-দুজন বা তিনিজন যিমানেই নহওক, বিজেপিয়ে ডেকা তথা যুৱশক্তিৰ চেহেৰা বিজেপিলৈ অনা হ’ব। মই ভাবোঁ এইবাৰো নিৰ্বাচনত সেই দৃষ্টিৰে বিষয়টো চোৱা হ’ব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মহিলা প্রার্থী বেছিকৈ বিচাৰে। গতিকে মহিলাৰ সংখ্যাও এইবাৰ বৃদ্ধি হ’ব। উল্লেখ্য যে আগন্তুক বিধানসভা নির্বাচনত নতুন মুখক অগ্ৰাধিকাৰ দিয়াৰ বিপৰীতে একাংশ বিধায়কৰ প্ৰাৰ্থিত্ব নাকচ হোৱাটো ইতিমধ্যে স্পষ্ট হৈছে। যোৱা সময়ছোৱাত ৰাজ্যিক বিজেপিৰ সভাপতি তথা মুখ্যমন্ত্রীয়েও কেইবাটাও সমষ্টিত নতুন মুখক অগ্রাধিকাৰ দিয়া হ’ব বুলি ঘোষণা কৰাৰ পাছত শাসকীয় দলটোৰ দখলত থকা বহুকেইটা সমষ্টিত প্রার্থিত্বৰ বাবে নতুন নাম উচ্চাৰণ হৈছে। সমান্তৰালভাৱে প্রার্থিত্ব হেৰুওৱাৰ সংকটত পৰিছে একাংশ বিধায়ক। এই বিষয়টোক মুখ্যমন্ত্রীয়ে পুনৰ স্পষ্ট কৰাত বিধানসভা নির্বাচনত যে বহু বিজেপি বিধায়কে প্রার্থিত্ব হেৰুৱাব সেয়া স্পষ্ট হৈ পৰিল। ইফালে অগপ-বিজেপিৰ আসন বুজাবুজিৰ বিষয়টোক লৈও মুখ্যমন্ত্রী ড° শর্মাই স্থিতি স্পষ্ট কৰিলে। মুখ্যমন্ত্ৰীৰ মন্তব্য- সৰহসংখ্যক আসনতে বিজেপি-অগপয়ে বুজাবুজিৰে প্রতিদ্বন্দ্বিতা কৰিব। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীয়ে কয়- বিগত নির্বানত অগপ আৰু বিজেপিয়ে নির্বাচনী মিত্ৰতা কৰিছে যদিও বহুকেইটা সমষ্টিত বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতা হৈছিল। অগপৰ লগত ইতিমধ্যে আসন ভাগ-বাটোৱাৰাৰ আলোচনা বহুখিনি আগবাঢ়ি গৈছে। প্রয়োজন হয় যদি এখন-দুখন আসনত বন্ধুত্বমূলকভাৱে প্রতিদ্বন্দ্বিতা কৰাত আমাৰ আপত্তি নাই। কিন্তু সৰহসংখ্যক আসনতে অগপ-বিজেপিয়ে বুজাবুজি কৰিব। আসন ভাগ-বাটোৱাৰাক লৈ অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ সৈতে দীঘলীয়া বৈঠক অনুষ্ঠিত হৈছে। অতি সোনকালে ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা অগপৰ লগত আসন বুজাবুজিক লৈ আনুষ্ঠানিক কথা-বতৰা আৰম্ভ হ’ব। মাঘ বিহুৰ পূৰ্বেই অগপ আৰু বিজেপিৰ মিত্ৰতা চূড়ান্ত হ’ব। একেদৰে ৰাভা হাছং, গণশক্তিৰ লগত মিত্ৰতাৰ বিষয়টো মাঘ বিহুৰ পূৰ্বে দলে শেষ কৰিব। ইয়াৰ বাবে আমি ১৫ জানুৱাৰী অন্তিম দিন হিচাপে লৈছোঁ।