২০২৫ ৰ গ্ৰন্থমেলা আৰু ইয়াৰ অনুভৱ
পৰিস্মিতা বৰা হাজৰিকা,মাজুলী
খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেল পথাৰত ১৪ দিনীয়া যি অসম গ্ৰন্থমেলা আয়োজন কৰা হৈছিল এটা শুভ দিনত সেই বৰ্ণিল ইতিহাসৰ সাক্ষী হবলৈ পাই নিজকে ধন্য মানিছো ।
জানিব পৰা মতে ৭ কোটি ৪০ লাখ টকাৰ কিতাপ বিক্ৰীৰ যি অভিলেখ গঢ়িলে সচাকৈয়ে প্ৰশংশনীয় । বৰ্তমান সময়ত হেৰাই যোৱা সেই গ্ৰন্থৰ সুবাস আকৌ ঘুৰি আহিছে পাঠকৰ মাজলৈ । কিতাপৰ সুগন্ধি , লেখকৰ সান্নিধ্য , লেখক – পাঠকৰ ঘনিষ্ঠতা, সাংস্কৃতিক অনুষ্ঠান আৰু গ্ৰন্থ উন্মোচন আদিয়ে এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি কৰে । গ্ৰন্থমেলা হ’ল — গ্ৰন্থৰ বজাৰ , যত অগণন গ্ৰন্থপ্ৰেমীৰ সোঁত বয়। লানি নিচিগা ভিৰ হয়। মাজতে যান্ত্ৰিকতাৰ দৌৰত হেৰাই গৈছিল সেই সুবাস আৰু লেখক – পাঠকৰ সেই ঘনিষ্ঠতা । আকৌ জাগ্ৰত হৈছে সেই সুবাসৰ । ন-পুৰণি লেখকৰ গ্ৰন্থই ভৰি পৰিছে প্ৰতিখন বিপণী । প্ৰতিটো প্ৰকাশনৰ যি উৎসাহ দেখি ভাল লাগিল । এইবাৰ গ্ৰন্থমেলাত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ দেৱৰ কেইবাখনো কিতাপেও বিশেষ সমাদৰ লাভ কৰা দেখা গৈছে । এইছেগতে কৌশিক নন্দন দাদাৰ ” ৰাগ গুণগুণ” কথাও উল্লেখ কৰিবই লাগিব আৰু “অদ্ধ আকাশ ” নামৰ এটা ফেচবুক গ্ৰপে জন্ম দিয়া ন লেখাৰু সকলৰ গ্ৰন্থই ভৰি পৰিছে প্ৰতিখন বিপণী।
নিজে নেদেখিলে হয়তো কিছুমান কথা কল্পনাও কৰিব নোৱাৰি । গ্ৰন্থ অধ্যয়নৰ প্ৰতি যাৰ হাবিয়াস আছে তেওঁলোকক বয়সেও বাধা দি ৰাখিব নোৱাৰে । লাখুটিত ভৰ দি গ্ৰন্থমেলালৈ সোমাই অহা দুই বৃদ্ধক দেখি সচাকৈয়ে আপ্লুত হলোঁ । হয়তো যুৱপ্ৰজন্মৰ বাবে এইসকলৰ অৰিহণা সমাজত সদায়েই আছে । যুৱপ্ৰজন্মক আগুৱাই নিয়াত অভিভাৱক স্বৰূপ এই ককা আইতা সকলৰ লিখন শৈলী , পঠন শৈলী সদায় মনত ৰাখিব লগীয়া । অসম শিশু সাহিত্য ন্যায়ৰ যি প্ৰচেষ্টা সচাই ভাল লাগিল । শিশু উপযোগী প্ৰতিখন গ্ৰন্থই শিশু কৌতুহলী মনত আনন্দৰ খোৰাক যোগাবলৈ সক্ষম হৈছে ।
২০২৬ বৰ্ষৰ আৰম্ভণিৰ সুন্দৰ মুহুত্বটো সচাকৈয়ে স্মৰণীয় হৈ ৰব মোৰ বাবে ।
