২০২৫ বৰ্ষৰ সাহিত্য অকাডেমীৰ যুৱ আৰু শিশু সাহিত্য বঁটা ঘোষণা

২০২৫ বৰ্ষৰ সাহিত্য অকাডেমীৰ যুৱ আৰু শিশু সাহিত্য বঁটা ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ চাৰিগৰাকী সাহিত্যিকলৈ সাহিত্য অকাডেমিৰ সন্মান । সাহিত্য একাডেমীয়ে বুধবাৰে আনুষ্ঠানিকভাৱে সাহিত্য একাডেমী যুৱ আৰু শিশু সাহিত্যৰ বঁটাসমূহ ঘোষণা কৰে। চলিত বৰ্ষত সাহিত্য একাডেমীৰ যুৱ পুৰস্কাৰ মুঠ ২৩ ভাষাত ২৩ গৰাকী যুৱ লেখকলৈ আগবঢ়োৱা হৈছে। যুৱ গল্পকাৰ সুপ্ৰকাশ ভূঞালৈ অসমীয়া ভাষাৰ আৰু কবি অমৰ খুংগুৰ বড়োলৈ বড়ো ভাষাৰ সাহিত্য অকাডেমি যুৱ বঁটা ২০২৫, সুৰেন্দ্ৰ মোহন দাসলৈ সাহিত্য অকাডেমি শিশু সাহিত্য বঁটা ২০২৫ আগবঢ়োৱাৰ লগতে বিনয় কুমাৰ ব্ৰহ্মলৈ বড়ো ভাষাৰ সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা আগবঢ়োৱা হৈছে । যুৱ গল্পকাৰ সুপ্ৰকাশ ভূঞাক তেওঁৰ গল্প সংকলন ‘কুঁচিয়ানামা’ৰ বাবে অকাডেমিয়ে ২০২৫ বৰ্ষৰ যুৱ সাহিত্য বঁটা আগবঢ়াইছে ৷ আনহাতে, ‘মইনাহঁতৰ পদ্য’ নামৰ শিশু উপযোগী গ্ৰন্থৰ বাবে শিশু সাহিত্যিক সুৰেন্দ্ৰ মোহন দাসলৈ ২০২৫ বৰ্ষৰ শিশু সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হৈছে ।

২০২৫ বৰ্ষৰ সাহিত্য একাডেমি শিশু সাহিত্য বঁটাপ্ৰাপক সুৰেন্দ্ৰ মোহন দাস এগৰাকী শিশু-সাহিত্যিক আৰু পেচাত এগৰাকী অৱসৰপ্ৰাপ্ত বেংক বিষয়া ৷ গুৱাহাটীৰ বাসিন্দা সুৰেন্দ্ৰমোহন দাসে শিশু-কিশোৰৰ বাবে বিভিন্ন আলোচনীত শিশু কবিতা আৰু বিভিন্ন লেখা লিখি আহিছে ৷ ‘পদ্যৰ সঁফুৰা’ আৰু ‘তিনিকুৰি শব্দ বিভ্ৰাট’ তেওঁৰ আন প্ৰকাশিত গ্ৰন্থ ৷ পদ্যৰ সঁফুৰা নামৰ গ্ৰন্থখনলৈ অকণিৰ সাহিত্য সভাই ‘২০২২ বৰ্ষৰ শ্ৰেষ্ঠ শিশুগ্ৰন্থ বঁটা’ আগবঢ়াইছিল ৷

আনহাতে, শিৱসাগৰ জিলাৰ দিখৌমুখৰ গুৱালগাঁৱৰ বাসিন্দা হৈছে যুৱ সাহিত্যিক সুপ্ৰকাশ ভূঞা ৷ ১৯৯০ চনত জন্মলাভ কৰা সুপ্ৰকাশ ভূঞাৰ গল্প প্ৰকাশ, প্ৰান্তিক, গৰীয়সী, সাতসৰী আদি সাহিত্য আলোচনীত নিয়মিতভাৱে প্ৰকাশিত হৈ আহিছে ৷ গল্পৰ লগতে সমাজ-ৰাজনৈতিক বিষয়ক লৈও সচেতন লিখক হিচাপে পৰিচয় দি আহিছে সুপ্ৰকাশ ভূঞাই ।

ইফালে ‘खान्थि बोसोन आरो आखु दानाय’ (নীতি পৰাদৰ্শ আৰু চৰিত্ৰ গঠন) নামৰ গল্প পুথিৰ বাবে বিনয় কুমাৰ ব্ৰহ্মলৈ আগবঢ়োৱা হৈছে বড়ো ভাষাৰ শিশু সাহিত্য বঁটা । বড়ো সাহিত্য জগতৰ এটি পৰিচিত নাম হ’ল বিনয় কুমাৰ ব্ৰহ্ম । বৰ্তমানলৈ বিনয় কুমাৰ ব্ৰহ্মই মুঠ ২৭ খন গ্ৰন্থৰে বড়ো সাহিত্যলৈ নিজৰ অৰিহণা আগবঢ়াইছে ৷ ৫৬ বছৰীয়া বিনয় কুমাৰ ব্ৰহ্মৰ ঘৰ কোকৰাঝাৰ জিলাৰ দোতমাত । সেৰফাংগুৰি ইউ এন বি ভোকেচনেল উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষকৰূপে বিনয় কুমাৰ ব্ৰহ্মই কৰ্মজীৱন নিৰ্বাহ কৰি আহিছে ।

আনহাতে, বড়ো ভাষাৰ যুৱ কবি অমৰ খুংগুৰ বড়োৱেও লাভ কৰিছে এই বছৰ যুৱ পুৰস্কাৰ । ‘আং অসুৰ’ নামৰ কাব্যগ্ৰন্থখনৰ বাবে অমৰ খুংগুৰ বড়োৱে এই বঁটা লাভ কৰে । ওদালগুৰি জিলাৰ পানেৰীৰ উত্তৰ গেজেৰকুছিত ১৯৯৪ চনত জন্ম যুৱ কবি অমৰ খুংগুৰ বড়োৰ । তেওঁ স্কুলীয়া দিনৰ পৰায়ে বিভিন্ন কাকত-আলোচনীত বড়ো ভাষাত লেখা-মেলা কৰি আহিছে । তেওঁৰ প্ৰথম কবিতা পুথি ‘হৌৱথাজানাই মিজিং ফৌৰনি চিমাং’ ২০১৯ চনত প্ৰকাশ পায় । তেওঁ বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ।