২০২৫ চনৰ বাবে অসমৰ পৰা মক্কা মদিনালৈ যাবলৈ সাজু ২,৭৭৯ হজ্বযাত্ৰী::ডিব্ৰুগড়ৰ পৰা যাব ৩১ গৰাকী
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰতি বছৰৰ দৰে অহা বছৰো অৰ্থাৎ ২০২৫ চনৰ বাবে অসমৰ পৰা হজ্ব যাত্ৰী সকল পৱিত্ৰ মক্কা মদিনালৈ বিমান যোগে এপ্ৰিলৰ শেষৰ ফালৰ পৰা ৰাওনা হব বুলি জানিব পৰা গৈছে। জানিব পৰা মতে প্ৰথম পৰ্যায়ত হজ্বযাত্ৰী সকলে মদিনালৈ যাব আৰু পিছৰ পৰ্য্যায়ত মক্কালৈ যাব।এই বিমান যাত্ৰা মে মাহৰ ১৫-২০ তাৰিখৰ পৰা সম্পন্ন হব বুলিও জনা গৈছে।ইতিমধ্যে হজ্বৰ বাবে প্ৰথম কিস্তিত ১,২০,৫০০ টকাকৈ হজ্বযাত্ৰী সকলে হজ্ব কমিটিক জমা দিছে আৰু বাকী কিস্তিৰ ধন নবেম্বৰ মাহৰ ভিতৰতে কেন্দ্ৰীয় হজ্ব কমিটিয়ে তাৰিখ ঘোষণা কৰাৰ পাছতে জমা দিব লাগিব বুলিও জনা গৈছে আৰু সেয়া অতি সোনকালেই জনাব বুলি অসম ৰাজ্যিক হজ্ব কমিটিৰ অধ্যক্ষ তথা অধিবক্তা আলহজ্ব নেকিবুজ্জামানে জানিবলৈ দিয়ে। ২০২৫ চনত পৱিত্ৰ হজ্বব্ৰত সম্পন্ন কৰিবলৈ যাব লগীয়া অসমৰ তালিকা খন হৈছে (১) ডিব্ৰুগড়ৰ পৰা ৩১ গৰাকী (২)বজালীৰ- ৫ (৩)বাক্সা-৫ (৪)বৰপেটা-১২৭ (৫) বিশ্বনাথ-২ (৬) বঙাইগাঁও- ২৯ (৭) কাছাৰ-৪২২ (৮) চৰাইদেউ-৮ (৯) চিৰাং-১৩ (১০)দৰং- ১৬১ (১১)ধেমাজি-৩ (১২) ধুবুৰী- ১০৮ (১৩) গোৱালপাৰা- ১১৭ (১৪) গোলাঘাট- ২১ (১৫) গুৱাহাটী-(মেঘালয়,নাগালেণ্ড মিজোৰাম)- ৪০ (১৬) হাইলাকান্দি- ৩১২ (১৭) হোজাই- ৮৯ (১৮) যোৰহাট-৩৮ (১৯) কামৰূপ-৯৬ (২০) কামৰূপ মেট্ৰো-১৪৮ (২১) কৰিমগঞ্জ-৪৬৪ (২২) কোকৰাঝাৰ-১৯ (২৩) লক্ষীমপুৰ-৭৫ (২৪) মৰিগাঁও-১৬৫ (২৫) নগাঁও-১৬৫ (২৬) নলবাৰী-২৮ (২৭) শিৱসাগৰ-৬৯ (২৮) শোণিতপুৰ-২৮ (২৯) দক্ষিণ শালমাৰা-মানকাছৰ-৪৯ (৩০) তামুলপুৰ-৪ (৩১)তিনিচুকীয়া-২৩ আৰু(৩২)ওদালগুৰিৰ পৰা-১৪ গৰাকী। সৰ্বমুঠ =২,৭৭৯ গৰাকী হজ্বযাত্ৰী। ইয়াৰে পুৰুষ-১,৯২৯ আৰু মহিলা-৮৫২ গৰাকী। ২০২৪ চনত ডিব্ৰুগড়ৰ পৰা মুঠ হজ্বযাত্ৰীয়ে হজ্ব কৰিবলৈ গৈছিল মুঠ ৩৬ গৰাকী,ইয়াৰে ২০ জন পুৰুষ আৰু ১৬ গৰাকী মহিলা হজ্ব যাত্ৰী আছিল। ২০২৫ চনত ডিব্ৰুগড়ৰ পৰা হজ্বলৈ যাবলগীয়া ৩১ গৰাকীৰ ভিতৰত ১৯ জন পুৰুষ আৰু ১২ গৰাকী মহিলা। উল্লেখযোগ্য যে ২০২৪ চনত প্ৰথম পৰ্যায়ত ১৬ এপ্ৰিলত ডিব্ৰুগড়ত হজ্বযাত্ৰী সকলক হজ্ব কমিটিৰ ফালৰ পৰা প্ৰশিক্ষণ প্ৰদান কৰিছিল আৰু প্ৰশিক্ষণ সমাপনৰ পাছত সেইমতে মে’ মাহৰ ১৬ তাৰিখৰ পৰা দৈনিক দুখনকৈ বিমানেৰে গুৱাহাটীৰ পৰা মক্কা-মদিনা তথা আন্তৰ্জাতিক জিদ্দা বিমান বন্দৰলৈ উৰা মাৰিছিল আৰু প্ৰত্যক্ষ ভাৱেগৈ হজ্ব সমাপন কৰি আহে। অসমৰ পৰা ২০২৫ চনত যাব লগীয়া হজ্বযাত্ৰী ২০২৪ ৰ তুলনাত কম,আৰু এই বছৰ মক্কাত যথেষ্ট গৰম পৰাৰ কাৰণে বহু হাজীৰ মৃত্যু হৈছিল আৰু এই একে গৰম ২০২৫ চনতো হব পাৰে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছিল আৰু তাৰ কাৰণতো এই বছৰ কম হৈছে বুলিও বহুতে কব খোজে। বিমানৰ ভাড়াৰ ক্ষেত্রত গুৱাহাটী আৰু কলকাতাৰ মাজত প্ৰায় ২০ হাজাৰৰ পৰা ৩০ হাজাৰ টকাৰ ব্যৱধান। কলকাতাৰ পৰা মক্কালৈ গ’লে গুৱাহাটীৰ তুলনাত ২০-৩০ হাজাৰ ভাড়া কম হয়। গুৱাহাটীত বিমানৰ ভাড়াৰ ক্ষেত্রত কোনোধৰণৰ নিবিদা দিবলৈ কোনো বিমান প্ৰতিষ্ঠানে আগবাঢ়ি নাহে কাৰণে কলকাতা গুৱাহাটীৰ মাজত এই ব্যৱধান হোৱা বুলি হজ্ব কমিটিৰ অধ্যক্ষ নেকিবুজ্জামানে জানিবলৈ দিয়ে।