২০২৪ ৰ ৩১ ডিচেম্বৰলৈ অহা বিদেশীয়ে পাব ভাৰতৰ নাগৰিকত্ব

২০২৪ ৰ ৩১ ডিচেম্বৰলৈ অহা বিদেশীয়ে পাব ভাৰতৰ নাগৰিকত্ব
মোদী – অমিত – শ্বাহে কাক সুধি ল’লে এই সিদ্ধান্ত ?

ৰঙিলী বাৰ্ত্তাসেৱা-  দেশ আৰু জাতি বিৰোধী ‘ কা ‘ আইনৰ যোগেদি ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈকে ভাৰতলৈ অহা বাংলাদেশ, পাকিস্তান৷, আফগানিস্তানৰ পৰা অহা হিন্দু, জৈন, শিখ, খ্ৰীষ্টিয়ান, বৌদ্ধিজ লোকে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব বুলি কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্তত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমি পাৰ্টী য়ে ৷ কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক দেশ বিৰোধী, জাতি বিৰোধী আৰু একনায়কত্ববাদী সিদ্ধান্ত আখ্যা দিছে আম আদমি পাৰ্টী, অসম য়ে ৷ কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত আম আদমি পাৰ্টী, অসমৰ ৰাজ্যিক সাধাৰণ সম্পাদক ( সংগঠন ) ৰাজীব শইকীয়াই ক্ষোভেৰে কয়, নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সকলো সীমা চেৰাই গৈছে ৷ মোদী – অমিত শ্বাহে এনে সিদ্ধান্ত লোৱাৰ আগত ভাৰতবৰ্ষৰ এশ ছল্লিশ কোটি জনতাৰ মতামত লৈছিল নে বুলি প্ৰশ্ন উত্থাপন কৰি ৰাজীব শইকীয়াই প্ৰশ্ন কৰে কাক সুধি মোদী – শ্বাহে এই সিদ্ধান্ত ল’লে ? অসম আৰু উত্তৰ পূৰ্বাঞ্চলত ‘ কা ‘ বলবৎ কৰিব নালাগে বুলি অঞ্চলটোৰ ৰাইজে দাবী জনাই থকা সময়ত ই চূড়ান্ত জনবিৰোধী সিদ্ধান্ত বুলি আম আদমি পাৰ্টী, অসম য়ে মত প্ৰকাশ কৰিছে ৷ দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদকজনে কয়, সময় সীমা যিয়ে নিৰ্দ্ধাৰণ নকৰক কিয় অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে ‘ কা ‘ মানি নলয় ৷ ‘কা’ প্ৰয়োগৰ ক্ষেত্ৰত অসম আৰু উত্তৰ পূৱক ‘কা’ ৰ আওতাৰ পৰা বাহিৰত ৰাখিব লাগিব ৷ যিমানেই দিন বাগৰিছে সিমানেই বিজেপি চৰকাৰ একনায়কত্ববাদী আৰু স্বৈৰাছাৰী হৈ পৰিছে বুলি মত পোষন কৰি আপ ৰ নেতাজনে কয়, বিজেপি চৰকাৰে এই সীমা চেৰাই গৈছে, গতিকে আগন্তুক দিনত তেওঁলোকৰ পতন নিশ্চিত !