২০২৪ ৰ লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে ‘লাভ জেহাদ’ প্ৰতিৰোধী কঠোৰ আইন প্ৰণয়ন কৰক ৰাজ্যত ‘ — বিশ্ব হিন্দু মহাসংঘ, অসম
ৰঙিলী বাৰ্ত্তাসেৱা- মধ্য যুগত আৰৱ দেশৰ পৰা অহা মুছলমান আক্ৰমণকাৰীয়ে ভাৰতবৰ্ষক গজৱা এ হিন্দ কৰাৰ বাবে যি সপোন দেখিছিল সেই সপোনকে বাস্তৱায়িত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় ইছলামিক জেহাদি শক্তিয়ে ভাৰতবৰ্ষত আজিও অহৰহ কাম কৰি আছে৷ বৰ্তমান সময়ত ভাৰতবৰ্ষত যিমানবোৰ ইছলামিক জেহাদি সংগঠনে গোপনে জেহাদি এজেণ্ডা চলাই আছে, তাৰ ভিতৰত লাভ জেহাদ হ’ল সেই জেহাদি এজেণ্ডাসমূহৰে এটা অন্যতম কৌশল। সমগ্র ভাৰতবৰ্ষৰ লগতে এই জেহাদি কাৰ্যৰ পৰা আজি আমাৰ ৰাজ্য অসমো মুক্ত হৈ থকা নাই; বৰঞ্চ ৰাজ্যখনৰ সাধাৰণ সনাতনী হিন্দু লোকৰ অজ্ঞভা আৰু সৰলতাৰ সুযোগ লৈ এই জেহাদি কাৰ্য অসমত পৰিকল্পিতভাৱে অধিক তীব্ৰ ৰূপতহে চলাই গৈছে বুলি আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা এখন সংবাদ মেলত বিশ্ব হিন্দু মহাসংঘ, অসমৰ ৰাজ্যিক সাধাৰণ সম্পাদক বলেন বৈশ্যই গুৰুতৰ অভিযোগ উত্থাপন কৰে। সংবাদ মেলখন সম্বোধন কৰি হিন্দুত্ববাদী সংগঠনটোৰ নেতা তথা ৰাজ্যিক সাধাৰণ সম্পাদক বলেন বৈশ্যই এই বুলিও কয় যে নাৰী হ’ল হিন্দু সমাজৰ একোটা পৰিয়ালৰ সন্মানৰ প্ৰতীক। সেই সন্মানক আঘাত কৰি হিন্দুৰ স্বাভিমান ধ্বংস কৰিবলৈকে জেহাদি সংগঠনবোৰে সদায় হিন্দু নাৰীক আক্ৰমণৰ লক্ষ্য কৰি লৈ আহিছে। ইফালে অসমত ‘লাভ জেহাদ’ অধিক হাৰত সফল হোৱাৰ আঁৰত ইছলামিক আগ্ৰাসনকাৰীৰ ষড়যন্ত্ৰ যিদৰে জগৰীয়া, তাৰ সমান্তৰালকৈ ৰাজ্যখনৰ একাংশ সনাতনী অভিভাৱকৰ বেসৰোৱা মনোভাবো সমানেই জগৰীয়া বুলিও বৈশ্যই উল্লেখ কৰে। তেওঁ কয়, অসমৰ অধিকাংশ সনাতনী অভিভাৱকেই নিজৰ কন্যা সন্তানসকলক যিদৰে ভাৰতীয় সনাতনী সংস্কাৰ পৰম্পৰাৰে শিক্ষিত কৰি উপযুক্তকৈ গঢ়ি তুলিব লাগিছিল, তেনেদৰে গঢ়ি তোলাত সম্পূর্ণভাৱে ব্যর্থ হৈছে। ফলত অসমত ‘লাভ জেহাদে’ অধিক ভয়াবহ ৰূপ ধাৰণ কৰাত সফলতা লাভ কৰিছে। যিটো ৰাজ্যখনৰ ভৱিষ্যত প্ৰজন্মৰ বাবে ভয়াবহহৈ পৰিছে। তেওঁ লগতে কয় যে ৰাজ্যৰ অধিকাংশ সনাতনী হিন্দু পৰিয়ালত উপযুক্ত আধ্যাত্মিক চিন্তা-চৰ্চাৰ পৰিৱেশ নোহোৱা হৈ পৰাৰ বাবেই আজি হিন্দু কিশোৰী-যুৱতী, বোৱাৰীসকল অধিক হাৰত লাভ জেহাদৰ দৰে ভয়ংকৰ আন্তঃৰাষ্ট্ৰীয় জেহাদি ষড়যন্ত্ৰৰ চিকাৰ হৈ এটা অনিশ্চিত জীৱনলৈ গতি কৰিছে। সেয়েহে ৰাজ্যত চলি থকা লাভ জেহাদৰ দৰে হিন্দু নিঃশেষৰ আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰৰ সৈতে মোকাবিলা কৰিবলৈকে প্ৰতিটো হিন্দু পৰিয়ালৰ পিতৃ-মাতৃ তথা অভিভাৱকসকলে নিজৰ সন্তানক ভাৰতীয় সনাতনী সভ্যতা- সংস্কৃতিৰ শিক্ষাৰে অধিকৰূপত শিক্ষিত কৰি তুলিবলৈ ঘৰখনতো তেনে এটা আধ্যাত্মিক পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়োজন বুলি কৈ ৰাজ্যৰ প্ৰতিটো হিন্দু পৰিয়ালকে ভাল কাম কৰিবলৈ আহ্বান জনায় সাধাৰণ সম্পাদক বলেন বৈশ্যই৷