২০২৪-২৫ বৰ্ষত ৰাজ্যৰ জিডিপি ৬.৪৩ লাখ কোটি টকা হ’বঃ মুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- ২০২৪-২৫ বিত্তীয় বর্ষত ৰাজ্যখনৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন (জিএছডিপি) ৬.৪৩ লাখ কোটি টকা হ’ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই সন্দর্ভত কয় যে ২০১৩-১৪ বিত্তীয় বৰ্ষত অসমৰ জিএছডিপি আছিল ১.৭৭ লাখ কোটি টকা। ২০২৪-২৫ বিত্তীয় বর্ষলৈ এই ৰাশি ৬.৪৩ লাখ কোটি টকা হ’বলৈ সাজু হৈছে। অসম এক শক্তিশালী, স্বাস্থ্যৱান অর্থনীতিলৈ গতি কৰিছে, যাৰ স্থিৰ বিকাশ আৰু ৰাষ্ট্ৰীয় গড়তকৈ ঋণৰ পৰা জিডিপিৰ অনুপাত কম।