২০২৪ বৰ্ষৰ অৰ্থনীতিৰ ন’বেল বঁটা ঘোষণা
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰসমূহৰ মাজত সমৃদ্ধিৰ পাৰ্থক্যৰ ওপৰত কৰা গৱেষণাৰ বাবে ডাৰন এচেম’গ্লু, চাইমন জনছন আৰু জেমছ এ ৰবিনছনক চলিত বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা প্ৰদান কৰা হৈছে । তুৰ্কীচ-আমেৰিকান অৰ্থনীতিবিদ ডেৰণ এচিমোগলু, ব্ৰিটেইনৰ অৰ্থনীতিবিদ চাইমন জনছন আৰু বৃটিছ অৰ্থনীতিবিদ জেমছ এ. ৰবিন্সনলৈ অৰ্থনীতি বিজ্ঞানৰ ন’বেল আগবঢ়োৱা হৈছে। ৰয়েল চুইডিছ একাডেমী অব্ চাইন্সেছে ঘোষণা কৰে যে প্ৰতিষ্ঠানসমূহে কেনেদৰে অৰ্থনৈতিক সমৃদ্ধি গঢ়ি তোলে সেই বিষয়ে তেওঁলোকৰ অগ্ৰণী অধ্যয়নৰ বাবে ডেৰণ এচিমোগলু, চাইমন জনছন আৰু জেমছ এ. ৰবিন্সনক ২০২৪ চনৰ অৰ্থনীতিৰ ন’বেল বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তেওঁলোকৰ গৱেষণাই ৰাষ্ট্ৰসমূহৰ সম্পদ আৰু বিকাশক প্ৰভাৱিত কৰাত প্ৰতিষ্ঠানসমূহে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰে বুলি ৰয়েল চুইডিছ একাডেমী অব্ চাইন্সেছে সদৰী কৰে।