২০২৪ বৰ্ষত বিশ্বজুৰি উষ্ণতাৰ অভিলেখ স্থাপন

২০২৪ বৰ্ষত বিশ্বজুৰি উষ্ণতাৰ অভিলেখ স্থাপন

ৰঙিলী বাৰ্ত্তাসেৱা- পৃথিৱীৰ ইতিহাসত ২০২৪ বর্ষ হৈছে সবাতোকৈ উষ্ণতম বর্ষ। প্রাক্- ঔদ্যোগিক কালৰ পিছত প্ৰথমবাৰৰ বাবে কেলেণ্ডাৰ বৰ্ষত পৃথিৱীত ১.৫ ডিগ্রী চেলছিয়াছ তাপমাত্রা বৃদ্ধি পাইছে। ইউৰোপীয় সংঘৰ পৃথিৱী পৰ্যবেক্ষণ কাৰ্যসূচীৰ ক’পাৰনিকাছ জলবায়ু পৰিৱৰ্তন সেৱাই প্ৰকাশ কৰা প্ৰতিবেদন মতে, পৃথিৱীৰ ইতিহাসত ২০২৪ বর্ষটো সবাতোকৈ উষ্ণতম বর্ষ। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলশ্ৰুতিত জলবায়ু পৰিৱৰ্তন প্রতি ক্ষণে ক্ষণে প্রত্যাহ্বানমূলক হৈ আহিছে। মানবসৃষ্ট সেউজগৃহ গেছ নির্গমনৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধি পাই আছে। শূন্য নির্গমনক লৈ বিশ্বৰ সৰ্বোচ্চ সংস্থা ৰাষ্ট্ৰসংঘই পদক্ষেপ গ্রহণ কৰিলেও সেয়া প্রহসনত পৰিণত হৈ পৰাত ২০২৪ বৰ্ষই ইতিহাস গঢ়ি পৃথিৱীৰ সবাতোকৈ উষ্ণতম বর্ষ হিচাপে পৰিণত হৈছে। প্রতিবেদন মতে, ২০২৪ বর্ষত তাপমাত্রা গড়ে প্রায় ১.৬ ডিগ্রী চেলছিয়াছ বর্ধিত হৈছে। বিগত বৰ্ষৰ জুলাইত পৃথিৱীৰ গড় তাপমাত্রা ১৭.১৬ ডিগ্রী চেলছিয়াছ স্পৰ্শ কৰিছে। ই হৈছে পৃথিৱীৰ তাপমাত্রা বৃদ্ধিৰ নতুন অভিলেখ। উল্লেখনীয় যে ১৮৫০ চনৰ পিছত পৃথিৱীৰ ইতিহাসত বিগত বর্ষটো সবাতোকৈ উষ্ণতম বর্ষ হিচাপে পৰিগণিত হৈছে। ৰাষ্ট্ৰসংঘৰ পেৰিছত অনুষ্ঠিত জলবায়ু পৰিৱৰ্তন সন্মিলনত স্বাক্ষৰিত পেৰিছ চুক্তি অনুসৰি পৃথিৱীৰ তাপমাত্রা ১.৫ ডিগ্রী চেলছিয়াছ অতিক্ৰম কৰিবলৈ নিদিবলৈ দেশসমূহে জীৱাশ্ম ইন্ধনৰ পৰা সেউজগৃহ গেছ নির্গমনত ভাৰসাম্য বজাই ৰখাৰ সিদ্ধান্ত লোৱা হৈছে যদিও সেই চুক্তি এতিয়া প্রহসনত পৰিণত হৈছে। ফলশ্রুতিত পৃথিৱীৰ তাপমাত্রা বৃদ্ধি হৈ আছে।