২০২৩-২৪ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত কি কি সামগ্ৰীৰ দাম বাঢ়িল দাম কমিল

pc indianexpress.com

২০২৩-২৪ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত কি কি সামগ্ৰীৰ দাম বাঢ়িল দাম কমিল

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় বিত্তমন্ত্ৰী নীৰ্মলা সীতাৰমণে দাখিল কৰিলে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট।কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰীয়ে বহু অভিলাষী আঁচনিৰ কথা ঘোষণা কৰিছে।বাজেট দাখিল কৰাৰ পাছত কেইবাবিধো সামগ্ৰীৰ মূল্য বৃদ্ধি পাব।লক্ষ্যণীয় ভাৱে নিৰ্মলা সীতাৰমণে বাজেটৰ ভাষণ আৰম্ভ কৰাৰ পাছতেই বৃদ্ধি পাইছে নিফটি আৰু ছেনচেক্স।একেদৰে কেইবাবিধো সামগ্ৰীৰ দাম হ্ৰাস হ’ব।বাজেটত চিগাৰেটৰ ওপৰত ৰাষ্ট্ৰীয় দুৰ্যোগ আকস্মিক শুল্ক (এনচিচিডি) ১৬ শতাংশলৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ অৰ্থ হৈছে যে এতিয়াৰে পৰা চিগাৰেট ব্যয়বহুল হ’ব।বিগত ২ বছৰ ধৰি চিগাৰেটৰ শুল্কত কোনো পৰিৱৰ্তন হোৱা নাছিল।কি কি সামগ্ৰীৰ দাম বাঢ়িল আমদানি কৰা ৰূপৰ সামগ্ৰী, বিদেশী পাকঘৰৰ চিমনি,এক্স-ৰে মেচিন, প্লেটিনাম,. চিগাৰেট,. সুৰ,. ছাতি,সো. হীৰা৷কি কি সামগ্ৰীৰ দাম কমিল, চাইকে.খেলৰ সামগ্ৰী.মোবাইল কেমেৰাৰ লেঞ্চ.ইলেক্ট্ৰনিক সামগ্ৰী,টেলিভিছনৰ সামগ্ৰী,চিমন.কাপোৰ.সীমা শুল্ক৷