২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে অনুমোদন নিৰিখ বিষয়ক

Pc The Sentinel Assam

২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে অনুমোদন নিৰিখ বিষয়ক

প্ৰেছ টোকা

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম বিদ্যুৎ নিয়ামক আয়োগে ২৯ মাৰ্চত জাৰি কৰা জাননীৰ জৰিয়তে এ.পি.জি.চি.এল, এ.ই. জি.চি.এল, এছ.এল.ডি.চি., তথা এ.পি.ডি.চি.এলৰ বিদ্যুত্ৰ নিৰিখ অহা এপ্ৰিল ২০২৩ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ সংশোধন কৰিছেযোৱা ৩০ নৱেম্বৰ ২০২২ তাৰিখে এ.পি.ডি.চি.এল, এ.পি.জি.চি.এল, এ.ই. জি.চি.এল, তথা এছ.এল.ডি.চিয়ে কেউটা সংস্থাৰ ২০২২- ২০২৩ চনৰ বাৰ্ষিক কৰ্মক্ষমতা পর্যালোচনাৰ ভিত্তিত বিদ্যুতৰ নিৰিখ সংশোধন কৰিবলৈ জনোৱা আৱেদনসমূহৰ ভিত্তিত এই সংশোধনী ঘোষণা কৰা হৈছে।  এ.পি.ডি.চি.এলে তেওঁলোকৰ আবেদনত ফিক্সড চার্জ প্ৰতিমাহে প্রতি কে.ডব্লিউ/কে.ভিত ১৫ টকাৰ পৰা ৭৫ টকা পর্যন্ত বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছিলকোম্পানীটোৱে বিভিন্ন শ্ৰেণীৰ গ্ৰাহকসকলৰ বাবে বৰ্তমান প্রযোজ্য হৈ থকা এফ.পি.পি.পি.এ চার্জকে ধৰি এনার্জী চার্জ প্রতি ইউনিটত এটকাৰ পৰা তিনি টকা পৰ্যন্ত বঢ়োৱাৰো প্ৰস্তাৱ দিছিলআবেদনকাৰী সংস্হাকেইটাৰ প্ৰস্তাৱসমূহ, অংশীদাৰ তথা সহাঁৰি দিওঁতাসকলৰ ওজৰ-আপত্তি তথা পৰামৰ্শসমুহ আৰু অন্যান্য সংলিষ্ট দিশৰ পৰ্যালোচনাৰ ভিত্তিৰ আবেদেনকাৰীৰ নিৰিখ বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰাহ্য নকৰি তাৰ পৰিৱতে নিয়ামক আয়োগে ২০২২-২৩ বিত্তীয় বৰ্ষৰ তুলনাত ২০২৩-২৪ চনৰ নিৰিখ প্ৰায় ১.২ শতাংশ হ্ৰাস কৰাৰহে অনুমোদন জনাইছে। নিয়ামক আয়োগে সকলো শ্ৰেণীৰ এনার্জী চার্জ প্রতি ইউনিটত ১০ পৰা ২০ পইচা পর্যন্ত হ্ৰাস কৰিছেকিন্তু নিৰিখ যুক্তিকৰণৰ তথা সামগ্ৰিক ৰাজহ প্ৰয়োজনৰ স্বাৰ্থত আয়োগে সকলো শ্ৰেণীৰ গ্ৰাহকৰ বাবে ফিক্সড চার্জ প্রতি মাহে প্ৰতি কে.ডব্লিউ/কে.ভিত সামান্যভাৱে দহ টকাকৈ বৃদ্ধি কৰাত অনুমোদন জনাইছেএতিয়া ২০২৩-২৪ চন বিত্তীয় বৰ্ষৰ কাৰণে গড় যোগানৰ মুল্য প্রতি ইউনিটত ৮.০২টকা হৈছে,এই মুল্য এ.পি.ডি.চি.এলে প্রতি ইউনিটত ৯.৫২ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছিল।২০২২-২৩ বিত্তীয় বৰ্ষৰ গড় যোগানৰ মুল্য প্ৰতি ইউনিটত ৮.১৪ টকা আছিল।  নিৰিখ চূড়ান্ত কৰাৰ ক্ষেত্ৰত নিয়ামক আয়োগে প্ৰাকৃতিক গেছৰ মুল্য প্ৰতি এম.এম.বি.টি ইউত ২.৯০ আমেৰিকান ডলাৰ হিচাপে গণ্য কৰিছেউল্লেখযোগ্য যে ইয়াৰ লগতে আন্ত:ৰাষ্টীয় বজাৰৰ গেছৰ মুল্য হ্ৰাস হোৱা আৰু যোৱা তিনিটা মাহৰ প্ৰাকৃতিক গেছৰ মুল্য গড়ে প্রতি এম.এম.বি.টি ইউত ২.৯১ আমেৰিকান ডলাৰ হৈ থকাটোও হিচাপত ৰখা হৈছিল ।  নিৰিখ নিৰ্দ্ধাৰণৰ চূড়ান্ত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত নিয়ামক আয়োগে গ্ৰাহকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাটোও সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছিলবিভিন্ন শ্ৰেণীৰ গ্ৰাহকসকলৰ মাহৰ ক্ৰছছাবছিডি + ২০ শতাংশ সীমাৰ ভিতৰতে ৰাখিবৰ বাবেও নিয়ামক আয়োগে চেষ্টা চলায়নিৰিখ নিৰ্দ্ধাৰণৰ বিতং প্রতিবেদনসমূহ নিয়ামক আয়োগৰ ৱেবছাইটত পোৱা যাব।  নিৰিখ নিৰ্দ্ধাৰণৰ প্ৰচলিত ব্যৱস্থা অনুযায়ী,নিয়ামক আয়োগে বিভিন্ন শ্ৰেণীৰ গ্ৰাহকসকল তথা অংশীদাৰ সকলৰ পৰা কোম্পানীকেইটাই দাখিল কৰা আবেদনৰ ওপৰত আপত্তি তথা পৰামৰ্শ আহৱান কৰিছিল।তদুপৰি ২৮ ফেব্ৰুৱাৰী ২০২৩ দিনা ৰাজহুৱা শুনানীৰো আয়াজন কৰা হৈছিলআবেদনসমূহৰ ওপৰত সৰ্বমুঠ ১৭ খন আপত্তি/পৰামৰ্শ তথা মতামত আহিছিলনিয়ামক আয়োগে প্ৰজ্বালকৰ শেহতিয়া মূল্যৰ ভিত্তিত ২৩-২৪ বিত্তীয় বৰ্ষৰ কাৰণে সামগ্ৰীক উৎপাদন নিৰিখ প্রতি কে. ডব্লিউ এইচত ৩.৫৮ টকা হিচাপে অনুমোদন জনাইছে ।আনহাতে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ কাৰণে ট্ৰেনচ্‌মিচন নিৰিখ প্রতি কে.ডব্লিউ এইচত ০.৫৭ টকাকৈ আৰু এছ.এল.ডি.চি নিৰিখ প্ৰতি দিনে প্রতি মেগাৱাটত ১০৬.৮৪ টকা অনুমোদন জনোৱা হৈছে।