২০২৩-২০২৪ চনৰ কেন্দ্ৰীয় বাজেটৰ সাৰংশ : সাংসদ কুইন ওজা

২০২৩-২০২৪ চনৰ কেন্দ্ৰীয় বাজেটৰ সাৰংশ : সাংসদ কুইন ওজা

ৰঙিলী বাৰ্ত্তাসেৱা-   বিজেপিৰ গুৱাহাটী মহানগৰ জিলা হেঙেৰাবাৰীস্থিত কাৰ্য্যলয়ত আজি , গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাৰ নেতৃত্বত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া আৰু বিজেপি মহানগৰ জিলাৰ সভাপতি তপন চন্দ্ৰ দাসৰ লগতে ৰাজ্যিক আহ্বায়ক সন্মানীয় দেৱান ধ্ৰুবজ্যোতি মৰলে এক গুৰুত্বপূৰ্ণ বিষয়ত সংবাদ মেল সম্বোধন কৰে৷কেন্দ্ৰীয় চৰকাৰৰ ২০২৩-২০২৪ বৰ্ষৰ (Budget) বিত্তীয় পৰিকল্পনা ৰ ওপৰত আলোকপাত লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে নিৰ্ধাৰিত বিভিন্ন উন্নয়ন মুলক আঁচনিৰ সমুহৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সমুহৰ বিশ্লেষণ কৰি কুইন ওজায়ে কয়-২০২৩-২৪ বৰ্ষৰ কেন্দ্ৰীয় বাজেটে অমৃত কালৰ দৃষ্টিভংগী উপস্থাপন কৰিছে, শক্তিশালী আৰু সামগ্ৰিক অৰ্থনীতিৰ বাবে ব্লুপ্ৰিন্ট তৈয়াৰ কৰা হৈছে৷চাৰিটা পৰিবৰ্তনশীল সুযোগৰ দ্বাৰা পৰিচালিত তিনিটা গুৰুত্বই অমৃত কালৰ ভেটি গঠন কৰে, মুলধন বিনিয়োগৰ ব্যয় ৩৩% বৃদ্ধি পাই ১০ লাখ কোটি টকা হৈছে৷জিডিপি ৪.৫% ত কাৰ্যকৰী মুলধন ব্যয়, ২৩-২৪ বৰ্ষত বিত্তীয় ঘাটি ডিজিপিৰ ৫.৯ শতাংশ বুলি অনুমান কৰা হৈছে ৷২০২২-২৩ বিত্তীয় বৰ্ষত ৭% বৃদ্ধি পাব প্ৰকৃত ডিজিপি ২০২৩ বিত্তীয় বৰ্ষত ৰপ্তানি ১২.৫% বৃদ্ধি পাব৷ উচ্চ মূল্যৰ উদ্যান শস্যৰ বাবে গুণগত মানৰ ৰোপন, সামগ্ৰীৰ উপলদ্ধতা বৃদ্ধি বাবে ২২০০ কোটি টকাৰ ব্যয়ৰ সৈতে আত্মনিৰ্ভৰ স্বচ্ছ প্ৰকল্প কাৰ্যসূচী হাতত লোৱা হব৷ ১৫৭ খন নাৰ্চিং কলেজ স্থাপন কৰা হব,প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ বাবে মুঠ ব্যয় ৬৬% বৃদ্ধিৰে ৭৯,০০০ কোটি টকা ধাৰ্য্য কৰা হৈছে৷ৰে’লপথৰ বাবে সৰ্বাধিক ২.৪০ লাখ কোটি টকাৰ ব্যয়ৰ ব্যৱস্থা কৰা হৈছে৷অগ্ৰাধিকাৰ খণ্ডৰ ঋণৰ নাটনিৰ পুৰণৰ বাবে নগৰীয়া আন্তঃগাঁথনি উন্নয়ন পুঁজি (UIDF) গঠন কৰা হ’ব৷ গোবৰ্ধন আঁচনিৰ অধীনত ৫০০ টা নতুন “আবৰ্জনাৰ পৰা সম্পদ” প্লান্টত মুঠ ১০ টা কাৰ্য্যকৰী হৈ উঠিছে৷