২০২৩ বৰ্ষৰ তিক্ত অভিজ্ঞতা
সুনম বিশ্বাস
গোৰেশ্বৰ, তামুলপুৰ
সময় বোঁৱতী নৈৰ দৰে প্রবাহমান। সময়ৰ লগত খোজ মিলাই আমাৰ অনুভূতিবোৰো ষষ্ঠ ঋতু হৈ ৰঙ সলায় তেজপিয়াৰ দৰে। তীব্র সময়ৰ গতিত আশা , অনুভৱবোৰৰ দোমোজাত জীৱনটোৰ এটা নাঙঠ ৰূপ ভাহি থাকে বছৰৰ শেষত । আপোনজনক হেৰুৱা , পোৱা-নোপোৱাৰ বেদনাবোৰে ছিৰাছিৰ কৰে হৃদয়খন প্রতিপলে , উশাহ লৈ জীৱন্ত মৰা শ হৈ থাকিবলগীয়া হয়। কিছু অভিমান, মন ভঙা গানবোৰ পাহৰিব নোৱাৰি কোনে কালে, তথাপিও যেন নিৰ্লজ্জ হৃদয়ে উজাৰি কান্দে । জীৱনৰ চিৰ অৱসান বিচাৰে, কিন্তু নিয়তিৰ কৰাল সোঁতে চুম্বকৰ দৰে টানি ৰাখে শোকাকুল জীৱনৰ অবুজ সাঁথৰ হৈ । এই বছৰে সপোনৰ কঠিয়াডৰাৰ কিছু কিছু সপোনৰ সোপান বাস্তৱত পৰিণত কৰাইছে, ঠিকেই। যেনেকৈ এহাতে আনন্দৰ জোৱাৰ তুলিছে , অন্যহাতে দিছে যন্ত্রণাৰ মহাসাগৰখন বুকুত বোঁৱাই, কোনো কালে কোনো বস্তুৱেই পূৰাব নোৱাৰা এক শোক । জীৱন্ত শৰীৰত প্ৰাণহীনতাৰ চটফটনিত তিক্ত । মাতৃ হেৰুৱা শোকে হৃদয় খন প্রতিপলে ছিৰাছিৰ কৰে, ক্রন্দসী বিদাৰি চিঞৰি দিবলৈ মন যায় কিন্তু নোৱাৰো, দায়িত্বৰ ওখ গঢ়ৰৰ তলত হাৰি যাওঁ। চকুপানীৰ পুখুৰীটো ভৰ বাৰিষাতেই মটৰ লগাই সিঁচি দিও নীৰৱে । কিয়নো, অশ্রুধাৰৰ গতি নিষিদ্ধ । খুব কষ্ট হয় জানেনে? খুব, যেতিয়া হৃদয়ৰ নিভৃত কোণত হিমপর্বত হৈ গোট মৰা শুভ্ৰ বৰফৰ টুকুৰাবোৰ ভাঙি গলাব নোৱাৰোঁ , তেতিয়া বুকুখন থেকেচি থকা স্মৃতিৰ টোপোলাকেইটা বৰকৈ বিন্ধে চোকা কাঁচৰ টুকুৰা হৈ । শোকত ম্ৰিয়মান হৈ কোনোমতে কান্দোনৰ ৰোল স্তব্ধ কৰি নিজকে সহজ কৰাৰ চেষ্টা কৰোঁ।
দেউতাৰ মুখনলৈ আজি কালি মূৰ দাঙি চাবলৈ সাহস নহয় কিয়নো, হাঁহিৰ পোহৰ ছটিওৱা ছোৱালীজনীয়ে দেউতাৰ শেঁতা পৰা মুখমণ্ডল সহ্য কৰিব নোৱাৰে। যদিহে, আকস্মিকভাবে ধৈৰ্য্যৰ পাৰ ভাঙি দুধাৰে লোতক নিগৰি বুকুৰ কঠিন শিলটো গলাই দিয়ে তেতিয়া নিজকে সম্ভালিব নোৱাৰিম আৰু দেউতা, ভন্টিয়ে এতিয়াও যি এটা বাধ্যতামূলক উশাহ লৈ জীয়াই আছে ; সেয়াও স্তব্ধ হৈ যাব । ভান্টিয়ে আজি-কালি মনৰ কথাবোৰ খুলি ক’ব নোৱাৰা হৈছে, মাৰ দৰে যিমানেই তাইক উমলাবলৈ চেষ্টা নকৰো কিয় , ক’ৰবাত যেন হাৰি যাওঁ, শূণ্যতাৰ বান্ধোনে আজুৰে । জীৱনৰ সৰ্বস্বই যেন এজনৰ অভাৱত অস্তিত্বহীন লাগে। সাতৰঙী ৰামধেনুৰ ৰঙবোৰ নিস্তেজ, ধূসৰ হৈ পৰিছে। তাই খুব কান্দে , এই বয়সত মাতৃ হেৰুৱাৰ বেদনাই তাইৰ অন্তৰখন খুটি খুটি খায় । কেতিয়াবা বাধা দিও আৰু কেতিয়াবা বেদনাৰ বৰষুণজাক বিনা দ্বীধাই নামি আহিবলৈ দিও ধৰালৈ। নহ’লে যে তাইৰ ফুলকোমলীয়া হৃদয়খন কঠিন শিলাখণ্ডলৈ পর্যবসিত হব । যন্ত্ৰনাৰ অশ্রুসাগৰটো শুষ্ক মৰুভূমিললৈ ৰূপান্তৰিত হ’বলৈ দিব নোৱাৰো। মাৰ দৰে মূৰৰ ওপৰত আকাশখন হৈ চিৰদিন তেওঁলোকৰ ওচৰত থকাৰ প্ৰয়াস কৰিছোঁ।
কওঁ বুলিয়েই যে দুখৰ মোনাখন খুলি ধৰিব নোৱাৰো। সকলোৰে আগত ক’ব নোৱাৰোঁ, কিছুমান কথা । কিয়নো, কৰ্ণগোচৰ হোৱা দুর্বলতাক বজ্রাস্ত্ৰ কৰি চকুৰ পচাৰতে মনোকষ্ট দিবলৈ মানুহবোৰ যেন সাজু হৈয়ে থাকে। কটা ঘাত নিমখ দিবলৈ আজি- কালি মানুহৰ লোণৰ প্রয়োজন নহয়, জিভাখনেই যথেষ্ট। “অনুৰাধা বাইদেৱে উপন্যাসত লিখিছিল,— ‘পিয়াহ লাগিল বুলিয়েই যিকোনো পাত্ৰত পানী খাবানে’?….” সেয়ে ভয় হয়, হাড় নথকা জিভাখনলৈ, ঠুনুকা হৃদয়খনক আৰু টুকুৰা টুকুৰ হ’বলৈ দিব নোৱাৰোঁ। মা থকাকালীন চূর্ণ-বিচূর্ণ টুকুৰাবোৰ মৰমৰ এনাজৰীৰে এটা এটাকৈ আলফুলকৈ গোটাই একত্ৰিত কৰিছিল। কিন্তু এতিয়া, মা বিহীন জীৱন অক্সিজেনহীন পৃথিৱী সদৃশ। কচু পাতৰ পানীৰ দৰে।সুখ-দুখৰ জোৱাৰৰ দোদুল্যমানত বুকুত এচটা শিলৰ গড় বান্ধি জীয়াই থকাৰ যি উপপথ বাছি লৈছোঁ , নাজানো সেয়া কিমান দূৰ অতিক্ৰম কৰিব । লোকচক্ষুৰ আঁৰত গভীৰ নিশা উজাগৰী অতীতৰ স্মৃতিয়ে কন্দুৱাই, আৰু মই আৰ্তচিৎকাৰ কৰি ঢলি পৰোঁ গুৰি কটা গছৰ দৰে সংজ্ঞাবিহীন হৈ শোকৰ মজিয়াত। গাৰুটোৱেহে মোৰ প্ৰবাল অশ্রুধাৰৰ গতিত হাড় কঁপোৱা শীতত তিতে, বৰ কষ্ট পায়। ৰাতিপুৱা মুখৰ জঠৰতাখিনি লুকুৱাবলৈ লোকৰ আগত সীমাহীন সুখৰ সম্ভৱনাময় নাওঁখন মেলি ওঁঠত বাধ্যতামূলক হাঁহি এটা বিৰিঙাই বিশাল নাটকীয় ৰংগমঞ্চত অপ্রাপ্তিক অদৃষ্ট আখ্যা দি ভালে থকাৰ অভিনয়টো অব্যাহত ৰাখোঁ।
বেয়া পোৱা কৰিলে, এই বছৰে আগষ্ট মাহটোক যিটো মাহ মোৰ আটাইতকৈ প্রিয় আছিল, ২৩ বছৰ আগতে তোমাৰ কোলাত ভুমিষ্ঠ হোৱাৰ সৌভাগ্য হৈছিল এইমাহতে । কিন্তু এই মাহৰ ২৩ তাৰিখে কাঢ়ি নিলে কালৰ সোঁতে তোমাক বহু দূৰলৈ, এতিয়া ২৩ সংখ্যাটোও নিৰ্থক । তুমি দিগন্তত নিৰৱধি। বিগত ৭টা বছৰে বুধবাৰটো প্রিয় আছিল, কিন্তু এই বছৰে বুধবাৰটো অপ্ৰিয়, অপবিত্র কৰি পেলাইছে । এই বাৰটোতে এটা সময়ত সপোনৰ কঠীয়াডৰা লহপহকৈ বাঢ়ি উঠিছিল, কিন্তু এই বছৰে বাৰটো, কলংক কৰিলে। সুখৰ ৰহঘৰা উদং কৰিলে । তোমাক বুকুৰৰ পৰা কাঢ়ি নি । উৎসৱ-পার্বণবোৰে এতিয়া আনন্দৰ বতৰা নিদিয়ে বৰঞ্চ এজাক কাল ধুমুহা হৈ শেঁতা কৰি পেলায়, হিয়াখন । উকা উকা লাগে গোটেই জগত। এটা আখৰৰ ‘ মা ‘ শব্দৰ মৰ্মার্থ কিমান বেছি মধুৰ , শান্তিৰ এতিয়া বাৰুকৈয়ে উপলব্ধি কৰিছোঁ !
হেৰাই যোৱাখিনি কোনো কালেই উভতি নাহে বা নাপাওঁ, সেয়া আমি জানো।কেৱল সেইবোৰৰ স্মৃতিৰ দলিচাত পৰি একান্তে আওৰাও হিয়াৰ বিননি। বেছিকৈ দুখ লাগিলে নির্জনতাৰ পাদদেশত বহি ক্ষন্তেক মৌনতাক বৰণ কৰি শুনাও আকন্ঠ ভেদি ওলাই অহা ৰুদ্ধ কন্ঠৰ স্পন্দনহীন সুৰ। এতিয়া মোৰ পৃথিৱীখন উকা উকা পৃষ্ঠাৰ দৰে , য’ত নাথাকে জীৱনৰ দাড়ি, কমা , চেমিকোলন , ডেচ , হাইফেন । মানুহে স্বইচ্ছাই লিখি যাব নিলিখা পৃষ্ঠাত বিদ্রূপৰ ৰহন সানি আনৰ আত্মজীৱনী। পিছে অহৰ্নিশে খমখমীয়া নোটৰ পিছে ধাৱমান সকলে বুজিবনে ভগ্ন হৃদয়ৰ কৰুণ গীতৰ সুৰ? অৱশ্যে আজি-কালি সেয়ে গীত নাগাওঁ, লোকমনোৰঞ্জনৰ সুৰ আকন্ঠ নিগৰি ওলায়ো নাহে যে। এক বেৰঙী জীৱনৰ তপ্ত গতিত ভুগিছোঁ।
সি যি কি নহওঁক ,জন্ম-মৃত্যু শাশ্বত । জীৱন ক্ষন্তেকীয়া, মৃত্যু নিশ্চিত বুলি জানিও মোহ মায়াপাশত আৱদ্ধ হওঁ। পোৱা-নোপোৱাৰ যন্ত্রণা আজীৱন থাকিবই । ই চিৰ প্রবাহমান। তথাপিও আগন্তুক নৱবর্ষই যেন কাকো অকাল মৃত্যু নিদিয়ে, জীৱন্তে মৰা শ হোৱাৰ কৰুণ বেথা যেন কাকো নিদিয়ে, হেৰুৱাৰ বেদনা যে কিমান ভয়ানক হেৰুৱাজনেহে জানে। সকলোৰে জীৱনত চিৰসুখে আত্মসমৰ্পণ কৰক তাৰে আপ্রাণ কামনা। আপোনজনক হেৰুৱা সকলক যেন কষ্টবোৰ সহ্য কৰিব পৰা শক্তি দিয়ে।জীৱন পথটো যে সততাৰে শেষ কৰিব পৰা যায় , তাৰ বাবে সৎ সাহসৰ অধিকাৰী কৰি তোলে যেন নববৰ্ষৰ এছাচি মৃদু মলয়াই। অনুভৱৰ পৃষ্ঠাখন সামৰাৰ আগখিনিত নিজস্ব ইচ্ছাৰ এক বিৱৰণ দাঙি ধৰিলোঁ — পৰকালত যেতিয়াই জন্ম লাভৰ সৌভাগ্য হয়, তেতিয়াই যেন ফুল, সৰাপাত বা পখী হৈ জন্ম গ্রহণ কৰোঁ। য’ত নাথাকিব কোনো কপটতা , মায়া, আপোনক হেৰুৱাৰ শোক, শাৰীৰিক-মানসিক যন্ত্রণা। ফুল হ’লে অহৈতুক তৃপ্তিৰ বাবে লোকে ছিঙি নিব , আপোন ইচ্ছাই সৰি পৰিম পাত হৈ আপোন
ৰাজ্যত বিলীন হম আৰু পখী হৈ উৰি ফুৰিম গোটেই জগত বেদুইৰ দৰে , কিয়নো এঠাইত নিগাজি ল’লে মৰম, ভালপোৱাৰ মায়াই এসময়ত যন্ত্রনা হৈ মকৰা জালৰ দৰে আগুৰে। মায়াৰ জৰীডাল ছিঙি ওলাবলৈ বহু কঠিন হৈ পৰে। সেয়ে উন্মুক্ত গগণৰ মুক্ত বিহংগ হৈ স্বাচ্ছন্দ্যে ঘুৰি ফুৰিম আপোন ঈপ্সিত সপোনৰ সোপান পূৰাবলৈ।
মা, ভালে থাকা তুমি । পৃথিৱীৰ অসুখে তোমাক যি যন্ত্রণা দিলে, সেয়া তোমাৰ বাবে সহ্যৰ পৰিধি অতিক্ৰম কৰা । কাঢ়ি নিলে অকাল নিয়তিৰ নিষ্ঠুৰ সোঁতে । এতিয়া স্বৰ্গৰাজ্যত বিচৰণ কৰা, শান্তি পাওঁক তোমাৰ অন্তৰাত্মা । বৰকৈ মনত পৰিলে টেবুলত থকা তোমাৰ ফটোখনক সাৱটি তুমি তুমি গোন্ধ লৈ মা- মা কৈ চিঞৰি সান্ত্বনা লওঁ, কেতিয়াও পূর্ণ নোহোৱাৰ ভুৱা আখৰা লৈ অপ্রাপ্তিৰ সীমনাত থকা তোমাক বক্ষস্থলে স্থান দি জোনটোৰ দৰে দূৰৈৰ পৰা চাই ৰওঁ, প্রতিনিশা একান্তে নীৰৱে !……