২০২৩ চনৰ শেষৰ ফালে ভক্তসকলৰ বাবে মুকলি কৰা হ’ব ৰাম মন্দিৰ

pc YesPunjab

অনলাইন বাৰ্ত্তাসেৱা – শ্ৰী ৰামৰ জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ সাধাৰণ সম্পাদক চম্পত ৰায়ে উল্লেখ কৰে যে ২০২৩ চনৰ শেষৰ ফালে ভক্তসকলৰ বাবে অযোধ্যাৰ ৰাম মন্দিৰ মুকলি কৰা হ’ব। তেওঁ লগতে কয়, “৭০ একৰ মাটিৰ মন্দিৰ চৌহদৰ নিৰ্মাণ কাৰ্য ২০২৫ চনৰ শেষৰ ফালে সম্পূৰ্ণ হ’ব।” কমপ্লেক্সটোত বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা থাকিব আৰু সকলো বিদ্যমান গছ সংৰক্ষণ কৰা হ’ব বুলি জানিবলৈ দিয়ে ৰায়ে।

(UD.)