২০২৩ চনৰ অক্টোবৰৰ পৰা যাত্ৰীবাহী গাড়ীত ৬ টা এয়াৰবেগ বাধ্যতামূলক: নীতিন গাডকাৰী

Pc Mint

২০২৩ চনৰ অক্টোবৰৰ পৰা যাত্ৰীবাহী গাড়ীত ৬ টা এয়াৰবেগ বাধ্যতামূলক: নীতিন গাডকাৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে টুইট কৰি কয় যে, “অটো উদ্যোগৰ দ্বাৰা সন্মুখীন হোৱা বিশ্বব্যাপী যোগান শৃংখলাৰ সীমাবদ্ধতাৰ কথা বিবেচনা কৰি ১ অক্টোবৰ ২০২৩ৰ পৰা যাত্ৰীবাহী গাড়ীত (এম-১ শ্ৰেণী) নূন্যতম ৬টা এয়াৰবেগ বাধ্যতামূলক কৰা প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লোৱা হৈছে।” তেওঁ লিখিছিল, “মটৰ বাহনত ভ্ৰমণ কৰা সকলো যাত্ৰীৰ সুৰক্ষা তেওঁলোকৰ ব্যয় আৰু প্ৰকাৰ নিৰ্বিশেষে সৰ্বাধিক অগ্ৰাধিকাৰ।”