২০২২ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা বিজয়ীৰ নাম ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা-  আজি ঘোষণা কৰা হৈছে সাহিত্য অকাডেমি ২০২২ যুৱ বঁটা। অসমীয়া ভাষাত উদীয়মান লেখক প্রদ্যুন্ম কুমাৰ গগৈয়ে সাহিত্য অকাডেমি যুৱ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ‘চকী আৰু অন্যান্য গল্প’ শীৰ্ষক গ্রন্থখনৰ বাবে গগৈক এই বঁটা প্ৰদান কৰা হ’ব। আনহাতে বড়ো ভাষাত সাহিত্য অকাডেমি ২০২২ যুৱ বঁটা আগবঢ়োৱা হৈছে অলংবৰ মুছাহাৰীলৈ। ‘গাং ফুজানে মাছে দৌ’ শীৰ্ষক গ্রন্থৰ বাবে মুছাহাৰীক এই বঁটাৰ বাবে বাছনি কৰা হৈছে।লেখক-সাংবাদিক দিগন্ত ওজালৈ ২০২‍২ বৰ্ষৰ  সাহিত্য একাডেমীৰ শিশু সাহিত্য বঁটা।‘ডাঙৰ মানুহৰ সাধু’ শীৰ্ষক গ্রন্থৰ বাবে দিগন্ত ওজালৈ এই বঁটা।