২০২২ বৰ্ষৰ শান্তিৰ নোবেল বঁটা ঘোষণা

PC- ASSAM TIMES POST

২০২২ বৰ্ষৰ শান্তিৰ নোবেল বঁটা ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা- ২০২২ বৰ্ষৰ শান্তিৰ নোবেল বঁটা ঘোষণা।আজি ঘোষণা কৰা হয় শান্তিৰ নোবেল বঁটা।নৰৱেৰ নোবেল কমিটিয়ে ২০২২ চনৰ শান্তিৰ নোবেল বঁটা এজন ব্যক্তি আৰু দুটা সংগঠনক প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে।বেলাৰুছৰ মানৱ অধিকাৰ কৰ্মী এলেছ বিয়ালিয়াটস্কি,ৰাছিয়াৰ মানৱ অধিকাৰ সংগঠন মেম’ৰিয়েল আৰু ইউক্ৰেইনৰ মানৱ অধিকাৰ সংগঠন চেণ্টাৰ ফৰ চিভিল লিবাৰ্টিছে ২০২২ চনৰ শান্তিৰ নোবেল বঁটা লাভ কৰে।১৯৮০ ৰ দশকৰ মাজভাগত বেলাৰুছত উদ্ভৱ হোৱা গণতন্ত্ৰ আন্দোলনৰ অন্যতম আৰম্ভণিকাৰী আছিল এলেছ বিয়ালিয়াটস্কি।তেওঁ নিজৰ দেশত গণতন্ত্ৰ আৰু শান্তিপূৰ্ণ বিকাশৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছে।মানৱ অধিকাৰ সংগঠন মেম’ৰিয়েল ১৯৮৭ চনত প্ৰাক্তন ছোভিয়েট ইউনিয়নৰ মানৱ অধিকাৰ কৰ্মীসকলৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল যিয়ে নিশ্চিত কৰিব বিচাৰিছিল যে কমিউনিষ্ট শাসনৰ উৎপীড়নৰ ভুক্তভোগীসকলক কেতিয়াও পাহৰিব নোৱাৰিব।ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত, মেম’ৰিয়েল ৰাছিয়াৰ সৰ্ববৃহৎ মানৱ অধিকাৰ সংগঠন হৈ পৰে।২০২২ চনৰ নবেল শান্তি বঁটা লাভ কৰা চেণ্টাৰ ফৰ চিভিল লিবাৰ্টিজ ইউক্ৰেইনত মানৱ অধিকাৰ আৰু গণতন্ত্ৰক আগুৱাই নিয়াৰ উদ্দেশ্যে প্ৰতিষ্ঠা কৰা হৈছিল। ই ইউক্ৰেইনৰ নাগৰিক সমাজক শক্তিশালী কৰিবলৈ আৰু ইউক্ৰেইনক এক সম্পূৰ্ণ গণতন্ত্ৰ হিচাপে গঢ়ি তুলিবলৈ কৰ্তৃপক্ষক হেঁচা দিয়াৰ বাবে এক স্থিতি গ্ৰহণ কৰিছে।