২০১৯ ৰ লোকসভাৰ বৈতৰণী পাৰ হ’বলৈ ব্যৱহাৰ কৰিছিল পুলৱামাৰ ঘটনাক: দিলীপ কুমাৰ শৰ্মা
ৰঙিলী বাৰ্ত্তাসেৱা- ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত সংঘটিত পুলৱামা কাণ্ড সন্দৰ্ভত জম্মু আৰু কাশ্মীৰৰ তদানীন্তন ৰাজ্যপাল সত্যপাল মালিকে উত্থাপন কৰা গুৰুতৰ অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম তৃণমূল কংগ্ৰেছ দলে।দলৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই কয়,’২০১৯ চনৰ পুলৱামা কাণ্ড সন্দৰ্ভত জম্মু আৰু কাশ্মীৰৰ তদানীন্তন ৰাজ্যপাল সত্যপাল মালিকে কৰা মন্তব্যত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক পোনপটীয়াকৈ দোষী সাব্যস্ত কৰাটো আমি লক্ষ্য কৰিছো। আনহাতে এই সন্দৰ্ভত দেশৰ প্ৰাক্তন সেনাধ্যক্ষ শংকৰ ৰায় চৌধুৰীয়েও সত্যপাল মালিকৰ সৈতে সহমত প্ৰকাশ কৰিছে। এতিয়া আমি বিজেপিক সুধিব বিচাৰিছো যে সত্যপাল মালিকৰ অভিযোগৰ পাছত ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ বৈতৰণী পাৰ হ’বলৈ পুলৱামা কাণ্ডক ব্যৱহাৰ কৰা বুলি চলি থকা সন্দেহ পুনৰ অধিক ঘনীভূত হোৱা নাইনে? বিচৰা ৫ খনকৈ এয়াৰ ক্ৰাফট যোগান নধৰি ২৫০০ চিআৰপিএফ জোৱান থকা ৭৮ খনকৈ বাহনৰ কনভয় জম্মু-কাশ্মীৰৰ স্পৰ্শকাতৰ এলেকাৰ মাজেৰে আহিবলৈ এৰি দিয়াটো গৃহ মন্ত্ৰালয়, প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ চৰম গাফিলতি নাছিলনে? লগতে সেই সময়ৰ ৰাজ্যপাল সত্যপাল মালিকে ঘটনা সংঘটিত হোৱাৰ পাছত ফোনযোগে যোগাযোগ কৰি চৰকাৰৰ ভুলৰ বাবেই এয়া হোৱা বুলি মন্তব্য কৰাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁক এই ক্ষেত্ৰত মনে মনে থাকিবলৈ কোৱাটোৱে বিষয়টো অধিক ৰহস্যঘন কৰি তোলা নাইনে? আমি অসম তৃণমূল কংগ্ৰেছে মহামান্য উচ্চতম ন্যায়ালয়ৰ অধীনত পুলৱামা কাণ্ডৰ লগত জড়িত প্ৰতিটো বিষয়ৰ নিৰপেক্ষ তদন্ত কৰাৰ বাবে দাবী জনাইছো যাতে দোষীসকল ধৰা পৰে। ঘটনাত জড়িত পাকিস্তানৰ জইচ-ই-মহম্মদ নামৰ উগ্ৰপন্থী সংগঠনটোক শাস্তি দিয়ক সেয়া আমিও বিচাৰো। লগতে কাৰ গাফিলতিৰ বাবে দেশৰ ৪০ গৰাকী নিৰীহ জোৱানে প্ৰাণ দিবলগীয়া হ’ল, সেই কথাও পোহৰলৈ অহাটো জৰুৰী।’