২০০ বছৰ পিছত চাহ শ্রমিকক দিয়া হৈছে তেজ-ঘামৰ মূল্যঃ মুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণ কৰা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত আয়োজিত এক অনুষ্ঠানত ৰাজ্যৰ চাহ বাগিচাৰ শ্রমিক আৰু শ্রমিক পৰিয়াললৈ লেবাৰ লাইনৰ ভূমি বন্দৱস্তিৰ ডিজিটেল পট্টা প্রদানকে ধৰি ৰাজ্যত ৰূপায়িত ১৯,৫৭৭.৫৮ কোটি টকাৰ ১৩টাকৈ আন্তঃগাঁথনিমূলক প্ৰকল্পৰ শুভাৰম্ভ তথা শিলান্যাস কৰে। এই অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মায়ো অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীক গামোচা, চেলেং চাদৰ, বাঁহেৰে নিৰ্মিত বালক গণেশৰ এটা মূর্তি, ‘এটি কলি দুটি পাত’ বিশেষ বেজ আৰু চাহপাতৰ প্ৰতীকেৰে আদৰণি জনায়। এই সভাত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই আজিৰ দিনটো অসমৰ লগতে সমগ্ৰ দেশৰ বাবে অতি গৌৰৱ আৰু আনন্দৰ দিন বুলি অভিহিত কৰে। তেওঁ কয়- ২০০ বছৰ পিছত চাহ শ্ৰমিকৰ হাতত তুলি দিয়া হৈছে তেজ-ঘামৰ মূল্য। ৰাজ্যখনৰ চাহ বাগিচাৰ শ্ৰমিকসকলক মাটিৰ অধিকাৰ প্ৰদানৰ এক পৰিকল্পনা ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছিল।

এই পৰিকল্পনাকে বাস্তৱ ৰূপ প্রদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৰকমলেৰে চাহ শ্রমিকৰ হাতত ভূমিপট্টা তুলি দিয়াৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিততে আজিৰ দিনটো ৰাজ্যৰ ইতিহাসৰ এক স্মৰণীয় দিন হিচাপে অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে এই পদক্ষেপ ৰাজ্যৰ জাতীয় জীৱনত এক উল্লেখনীয় ঘটনা হিচাপে পৰিগণিত হৈ থাকিব। তেওঁ কয়- ৰাজ্যৰ চাহ শ্রমিকৰ চাহ খণ্ডলৈ থকা অপৰিসীম অৱদানৰ প্ৰতি সন্মান হিচাপে এইদৰে ভূমিপট্টা প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। চাহ বাগিচাৰ লাইনত খোৱাপানীৰ ব্যৱস্থা, পকী পথ নিৰ্মাণৰ উপৰি চৰকাৰী চাকৰিত ৩ শতাংশ সংৰক্ষণ, চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্রিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত আসন সংৰক্ষণ, প্রাথমিক বিদ্যালয়ৰ পৰা হাইস্কুল নির্মাণ আদিৰে চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ মাজত এক শৈক্ষিক নৱজাগৰণ সৃষ্টিৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়াস আৰু প্ৰচেষ্টা গ্রহণ কৰিছে। ভাষণত মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ দুদিনীয়া অসম ভ্রমণকালত অসমবাসীক প্রায় ৪৭ হাজাৰ কোটি টকাৰ বিভিন্ন প্রকল্প উপহাৰ হিচাপে প্ৰদান কৰিব। ইয়াৰ বাবে তেওঁ প্রধানমন্ত্রীক সমগ্ৰ অসমবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰে। গুৱাহাটীৰ মণিৰাম দেৱান ট্রেড চেণ্টাৰ চৌহদত নির্মাণ কৰা ‘একতা মল’ সন্দর্ভত মুখ্যমন্ত্রীয়ে কয় যে দেশৰ ৰাজ্যসমূহত একতা মল নিৰ্মাণৰ দিশত প্রধানমন্ত্রী মোদীৰ থকা সপোনক সাকাৰ ৰূপ দি অসমত নিৰ্মাণ কৰা এই মলটোত দেশৰ সকলো ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চল তথা অসমৰ সকলো জিলাৰ পৰম্পৰাগত শিল্প-সামগ্ৰীৰ বিপণনৰ সুবিধা আছে। আজিৰ এই অনুষ্ঠানতে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয়ে পাণ্ডু বন্দৰ চৌহদৰ পৰা ২৭ নং ৰাষ্ট্ৰীয় ঘাই পথলৈ নিৰ্মাণ কৰা এলিভেটেড পথ উদ্বোধনৰ লগতে বগীবিল, ডিব্ৰুগড়ত অসমৰ প্ৰথমটো সামুদ্রিক দক্ষতা উন্নয়ন কেন্দ্ৰৰ ভূমিপূজনৰ ব্যৱস্থা কৰা হৈছে। এই কেন্দ্ৰটোত বছৰি ৫ হাজাৰৰো অধিক শিক্ষার্থীৰ নামভৰ্তিৰ ব্যৱস্থা থাকিব।

মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যত এক ঔদ্যোগিক পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা নুমলীগড় শোধনাগাৰে কিছুদিন পূর্বে নৱৰত্নৰ স্বীকৃতি লাভ কৰিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বাঁহৰ পৰা ইথানল প্রস্তুত কৰিব পৰা জৈৱ শোধনাগাৰ উদ্বোধন কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে নুমলীগড়-শিলিগুৰি প্ৰডাক্ট পাইপলাইন, নর্থ-ইষ্ট গেছ গ্রীডৰ প্ৰথম পর্যায় আৰু ৰে’ল-ফেড পি অ’ এল টার্মিনেল নিৰ্মাণৰ বাবদ মুঠ ১০,৪৪৮ কোটি টকা ব্যয় হ’ব। মুখ্যমন্ত্রী ড° শর্মাই কয়- প্রধানমন্ত্রী মোদীয়ে পৰিবহণ ব্যৱস্থাৰ উন্নীতকৰণৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ ৰূপান্তৰণত গুৰুত্ব আৰোপ কৰি আহিছে। বিগত পাঁচটা বছৰত অসমৰ দুখীয়া-দৰিদ্ৰ জনসাধাৰণক সকাহ দিয়া, চাহ বাগিচাৰ শ্রমিকক সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক সন্মান প্রদান কৰাৰ লগতে বিকাশ আৰু উন্নয়নেৰে ৰাজ্যখনক নতুন দিগন্তলৈ লৈ যোৱাৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা গ্রহণ কৰিছিল। এডভান্টেজ আছাম ২.০ সন্মিলনৰ জৰিয়তে অসমে পাঁচ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰিছে। ভাষণত মুখ্যমন্ত্ৰীয়ে কাজিৰঙাত এলিভেটেড কৰিড’ৰ, নুমলীগড় আৰু গহপুৰক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ পথ নির্মাণ তথা ৰাজ্যত তিনিটা অৰ্থনৈতিক কৰিড’ৰ নিৰ্মাণৰ পৰিকল্পনা গ্রহণ কৰাৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে কাইলৈ প্রধানমন্ত্রীয়ে শিলচৰ আৰু গুৱাহাটীৰ মাজত প্ৰস্তাৱিত কৰিড’ৰটোৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰিব। তদুপৰি শ্ৰীৰামপুৰ-শিলচৰৰ পৰা ৪ ঘণ্টাত গুৱাহাটী, তিনিচুকীয়াৰ পৰা গুৱাহাটী ৬ ঘণ্টাত যাতায়াত কৰিব পৰা ডেডিকেটেড কৰিড’ৰ নিৰ্মাণ কৰা হ’ব। মুখ্যমন্ত্রীয়ে কয়- আজি অসমে যি সপোন দেখে সেই সপোনক বাস্তৱত ৰূপায়ণ কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদ অসমবাসীৰ লগত সদায় আছে। অসমত শান্তি প্রতিষ্ঠা হোৱাৰ লগতে বিকাশৰ গংগাও নামি আহিছে। এতিয়া আমাৰ নতুন সপোন দেখাৰ সময়। আনহাতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটীৰ কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাৰ পৰা আভাসীয়ভাবে উন্নত যাতায়াত ব্যৱস্থাৰে বিটিচি এলেকাৰ লগতে অসমৰ সামগ্রিক উন্নয়নৰ বাবে ৰূপায়ণ হ’বলগীয়া মুঠ ৪,৬১৫ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস আৰু ভূমিপূজন কৰাৰ লগতে তিনিখন নতুন ৰে’ল মুকলি কৰে।

অনুষ্ঠানত আভাসীয়ভাৱে ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয় যে প্রধানমন্ত্রীয়ে আজি অসম চৰকাৰৰ ধ্বজাবাহী আঁচনি অসম মালা ৩.০ৰ অধীনত ৩,২৫৮ কোটি টকা ব্যয়ৰে ৰাজ্যৰ ৩৪খন জিলাত ৯১৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৬৯টা পথৰ নির্মাণ তথা উন্নয়ন আৰু ৩৭খন দলঙৰ নিৰ্মাণৰ ভূমিপূজন কৰে। অসম মালা ৩.০ ৰ পথসমূহৰ ভিতৰত কেই বাটাও পথ বিটিচি অঞ্চলত নিৰ্মাণ কৰা হ’ব। ইয়াৰ উপৰি ৰাজ্য চৰকাৰৰ পুঁজিৰ ১,১০১ কোটি টকাৰে বিটিচি এলেকাত নিৰ্মাণ কৰিবলগীয়া ৪খন উৰণ সেতু আৰু ২খন দলঙৰ নিৰ্মাণৰো ভূমিপূজন কৰা হয়। উৰণ সেতু চাৰিখনৰ এখন ডি কে ৰোডৰ গোসাঁইগাঁও চাৰিআলিত নিৰ্মাণ কৰাৰ লগতে আন তিনিখন জহলাও-দুইমালু পথৰ বালাজান তিনিআলি, দেবাৰগাঁও জংচন আৰু তিতাগুৰিত নিৰ্মাণ কৰা হ’ব। তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিটিচি চুক্তি স্বাক্ষৰ হৈছিল আৰু এই চুক্তিত বড়োলেণ্ডৰ আৰ্থ-সামাজিক বিকাশৰ বাবে কেই বাটাও কাম হাতত লোৱাৰ কথা উল্লেখ আছিল। এই চুক্তিমর্মে ৰে’লৱে মন্ত্রালয়ৰ অধীনত ২৫৬ কোটি টকা ব্যয়ৰে বাঁশবাৰীত নিৰ্মাণ হ’বলগীয়া মালবাহী ৰে’লৰ নিয়মিত মেৰামতিৰ কাৰখানাৰ প্ৰধানমন্ত্ৰীয়ে শিলান্যাস কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে আভাসীয়ভাৱে কামাখ্যা-চার্লাপল্লী অমৃত ভাৰত এক্সপ্ৰেছ, গুৱাহাটী-নিউ জলপাইগুৰি এক্সপ্ৰেছ আৰু নাৰেংগী-আগৰতলা এক্সপ্ৰেছৰ ফ্লেগ-অফ কৰে। মুখ্যমন্ত্রীয়ে কয় যে ভূটানৰ গেলেফু আৰু কোকৰাঝাৰক সংযোজন কৰি নতুন ৰে’লৱে লাইন নিৰ্মাণৰ কাম অতি সোনকালে আৰম্ভ হ’ব। তেওঁ কয় যে যোৱা পাঁচটা বছৰত বড়োলেণ্ডত অভূতপূর্ব বিকাশ আৰু প্ৰগতি হৈছে আৰু অঞ্চলটো শান্তি আৰু সম্প্ৰীতিৰ নতুন অভিকেন্দ্ৰলৈ ৰূপান্তৰ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বড়োলেগুলৈ বহুকেইবাৰ আহিছে আৰু অঞ্চলটোৰ বিকাশৰ বাবে বহু সুদূৰপ্ৰসাৰী আঁচনি গ্রহণ কৰিছে।

যোৱা জানুৱাৰী মাহত প্রধানমন্ত্রীয়ে গুৱাহাটীত বড়ো সংস্কৃতিক প্রতিনিধিত্ব কৰা বাগুৰুমবা নৃত্য উপভোগ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে সমগ্র বিশ্বত বহুলভাৱে প্ৰচাৰ কৰাৰ বাবে বাগুৰুম্বাৰ কেইবাটাও ভিডিঅ’ প্রধানমন্ত্রীয়ে তেখেতৰ সামাজিক মাধ্যমত আপলোড কৰিছিল। প্রধানমন্ত্রী মোদীৰ সামাজিক মাধ্যমৰ পেজত সমগ্ৰ বিশ্বৰ ১-১.৫ কোটি লোকে এই নৃত্য দৰ্শন কৰিছিল। বাগুৰুমবা নৃত্যক দেশৰ আন কোনো এগৰাকী প্রধানমন্ত্রীয়ে ইমান সন্মান জনোৱা নাছিল। তেওঁ কয় যে বড়ো জাতিৰ প্ৰতি থকা অসীম শ্রদ্ধাৰ বাবে প্রধানমন্ত্রী মোদীয়ে নতুন দিল্লীত বডোফা উপেন্দ্র নাথ ব্ৰহ্মৰ প্ৰতিমূর্তি স্থাপন আৰু পথৰ নামকৰণ কৰিছে। মুখ্যমন্ত্ৰীয়ে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিটিচি চৰকাৰ আৰু ৰাজ্য চৰকাৰে যুটীয়াভাৱে বড়োলেণ্ডৰ সৰ্বাংগীণ বিকাশৰ বাবে কাম কৰি যাব বুলি ৰাইজক প্রতিশ্রুতি দিয়ে। এই অনুষ্ঠানত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটা, মন্ত্রী অতুল বৰা, কেশৱ মহন্ত, বিমল বড়া, প্রশান্ত ফুকন, ৰূপেশ গোৱালা, চৰণ বড়ো, ঊৰ্খাও গৌড়া ব্রহ্ম, জয়ন্ত মল্ল বৰুৱা, বিটিচিপ্রধান হাগ্রামা মহিলাৰী, সাংসদ দিলীপ শইকীয়া, কেইবাগৰাকীও বিধায়ককে ধৰি বহুসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
