২০০৬ চনৰ মুম্বাই ৰে’ল বিস্ফোৰণৰ ১২ অভিযুক্তক দোষমুক্ত আদালতৰ
ৰঙিলী বাৰ্ত্তাসেৱা- সোমবাৰে বোম্বে উচ্চ ন্যায়ালয়ে ২০০৬ চনৰ মুম্বাই ৰে’ল বিস্ফোৰণৰ গোচৰৰ ১২জন অভিযুক্তক দোষমুক্ত কৰে। এই ৰায়দান প্ৰদান কৰে ন্যায়াধীশ অনিল কিলোৰ আৰু ন্যায়াধীশ এছ.জি.চন্দকৰ বিভাগীয় বিচাৰপীঠে। এই গোচৰৰ মুঠ ১২জন অভিযুক্ত আছিল। এওঁলোকক পূৰ্বে নিম্ন আদালতে দোষী সাব্যস্ত কৰিছিল। সেই সময়ত আদালতে ইয়াৰে ৫জনক মৃত্যুদণ্ড আৰু ৭জনক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল। কিন্তু ২১ জুলাইত উচ্চ ন্যায়ালয়ে এই আটাইকেইজনক দোষমুক্ত ঘোষণা কৰে। ১২ গৰাকী অভিযুক্তৰ ভিতৰত ইতিমধ্যে এজনৰ মৃত্যু হৈছে। মৃত্যুদণ্ড লাভ কৰাসকলৰ ভিতৰত আছে মহম্মদ ফৈছাল শ্বেখ, এহতেশ্বাম ছিদ্দিকী, নৱেদ হুছেইন খান, আছিফ খান আৰু কমল আনছাৰী। ইয়াৰে কমল আনছাৰী নামৰ অভিযুক্তজন ২০২২ চনত কোৰোনাত আক্ৰান্ত হৈ কাৰাগাৰতে মৃত্যু বৰণ কৰিছিল। উল্লেখ্য যে ২০০৬ চনৰ ১১ জুলাইত মুম্বাইৰ স্থানীয় ৰে’লত ১১ মিনিটৰ ব্যৱধানত সাতটাকৈ বোমা বিস্ফোৰণ সংঘটিত হৈছিল। য’ত ১৮৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৮২৪ জন লোক আহত হৈছিল। বোমাত আৰ ডি এক্স ব্যৱহাৰ কৰা হৈছিল আৰু ২০০৬ চনৰ নৱেম্বৰ মাহত মুম্বাই এ টি এছে অভিযোগনামা দাখিল কৰিছিল। ২০১৫ চনৰ পৰাই উচ্চ ন্যায়ালয়ৰ শুনানি আৰম্ভ হৈছিল। এই সময়চোৱাত ৰাজ্যই দোষীৰ শাস্তি নিশ্চিক কৰিবলৈ আহ্বান জনাইছিল আৰু দোষী সাব্যস্ত হোৱাসকলেও আত্মৰক্ষাৰ বাবে আবেদন দাখিল কৰিছিল। এই গোচৰ ইমানেই দীঘলীয়া হয়, যাৰ বাবে ১১খনতকৈও অধিক বিচাৰপীঠ সলনি হয়। ইয়াৰ পাছত ২০২৪ চনৰ জুলাই মাহত এখন বিশেষ বিচাৰপীঠ গঠন কৰা হয়।২০২৫ চনৰ জানুৱাৰী মাহত শুনানি সম্পূৰ্ণ হোৱাৰ পিছত এই সিদ্ধান্ত সংৰক্ষিত কৰা হয়। ইয়াৰ পাছতে আজি ৰায় প্ৰদান কৰে আদালতে। আদালতৰ এই সিদ্ধান্ত তদন্তকাৰী সংস্থাসমূহৰ ডাঙৰ বিফলতা বুলি চিনাক্ত হৈছে।