২০০১ চনৰ পৰা এতিয়ালৈকে মাত্র ৫৯গৰাকী মহিলাই বিভিন্ন শিতানত ন’বেল বঁটা লাভ কৰিছে
ৰঙিলী বাৰ্ত্তাসেৱা – বিজ্ঞানৰ বিভিন্ন শিতানত ন’বেল বঁটা প্ৰদানৰ ক্ষেত্ৰত কোনোধৰণৰ লিংগৰ কোটা ৰখা হোৱা নাই বুলি স্পষ্ট কৰিছে ৰয়েল ছুইডিছ একাডেমীৰ মুৰব্বী গোৰান হানছনে। বিভিন্ন মহলত ন’বেল বঁটা প্ৰদানত বৈষম্যৰ সৃষ্টি হোৱা বুলি চৰ্চা চলাৰ সময়তে ৰয়েল ছুইডিছ একাডেমীয়ে স্পষ্ট কৰি দিয়ে নিজৰ স্থিতি। উল্লেখনীয় যে ৰয়েল ছুইডিছ একাডেমী অৱ ছায়েন্সৰ মুৰব্বী হানছনে বিজ্ঞানৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আৱিষ্কাৰ কৰা ব্যক্তিসকলকহে এই বঁটা প্ৰদান কৰা হয় বুলি স্পষ্ট কৰি দিছে। ২০০১ চনৰ পৰা এতিয়ালৈকে মাত্র ৫৯গৰাকী মহিলাই বিভিন্ন শিতানত ন’বেল বঁটা লাভ কৰিছে। চলিত বৰ্ষত ফিলিপাইনছৰ সাংবাদিক মাৰিয়া ৰেছাই লাভ কৰিছে ন’বেল শান্তি বঁটা। ইমান কমসংখ্যক মহিলাই ন’বেল বঁটা পোৱা বিষয়টোক লৈ সৃষ্টি হৈছে প্রতিক্রিয়া।