১ লাখ কোটি টকা বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰিবলৈ সক্ষম হৈছোঁঃ মুখ্যমন্ত্ৰী

১ লাখ কোটি টকা বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰিবলৈ সক্ষম হৈছোঁঃ মুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমলৈ আগন্তুক সময়ত ১ লাখ কোটি টকা বিনিয়োগৰ প্রতিশ্রুতি দিছে কেইবাগৰাকী উদ্যোগপতিয়ে। ২০ৰো অধিক বহুজাতিক উদ্যোগৰ ব্যৱসায়িক প্রতিষ্ঠানে অসমত এই পৰিমাণৰ বিনিয়োগ কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে। ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত ডব্লিউইএফৰ ক্ষেত্ৰৰ পৰা এই প্ৰস্তাৱ লাভ কৰা বুলি উল্লেখ কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। ১৯ জানুৱাৰীৰ পৰা অনুষ্ঠিত হৈ থকা ডব্লিউইএফত অসমক প্রতিনিধিত্ব কৰা মুখ্যমন্ত্রী ড° শর্মাই এক নৈশভোজৰ অভ্যর্থনাত চাৰিখন মহাদেশৰ ১৫০ মিলিয়ন আমেৰিকান ডলাৰৰ অধিক সামগ্রীক টার্ন-অভাৰক প্ৰতিনিধিত্ব কৰা ২০ৰো অধিক বহুজাতিক উদ্যোগৰ ব্যৱসায়িক নেতৃবৃন্দৰ সন্মুখত অসমৰ বিনিয়োগৰ সম্ভাৱনীয়তাক দাঙি ধৰিছিল। এই গুৰুত্বপূৰ্ণ বৈঠকত পাৱাৰ টু এক্স, ডেনমাৰ্কৰ মুখ্য কাৰ্যবাহী বিষয়া কিম হেডেগার্ড, ছুইজাৰলেণ্ডৰ ফাউণ্ডেচন মণ্টেণ্ডৰ কাৰ্যবাহী সঞ্চালক গুইলাউম টেইলৰ আৰু সংযুক্ত আৰব যুক্তৰাজ্য ক্রিছেন্ট পেট্র’লিয়াম, মুথুট ফিনকর্প, জেএছডব্লিউ চিমেন্ট গ্ৰুপৰ নেতাসকল উপস্থিত আছিল। এই অভ্যর্থনা সভাতে মুখ্যমন্ত্রী ড° শৰ্মাই অসমৰ দ্রুত বিকাশ, বিধিবদ্ধ পূর্ব অনুমানযোগ্যতাৰ বাবে উপযোগী নীতি আৰু ৰাজ্যৰ বিশাল প্রতিভাশালী কর্মশক্তি সন্দর্ভত এক বিস্তৃত বিৱৰণ বিনিয়োগকাৰীসকলৰ সন্মুখত দাঙি ধৰে।

উল্লেখ্য যে ডব্লিউইএফত ১৭খনতকৈ অধিক বৈঠকত মুখ্যমন্ত্রী ড° শর্মাই অংশ লয় আৰু বহুকেইখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে। এই সময়ছোৱাত তেওঁ ‘পৰৱৰ্তী ঔদ্যোগিক যুগৰ বাবে ভৱিষ্যৎ-প্ৰস্তুত কৰ্মশক্তিৰ সুৰক্ষা’, ‘ভ্রমণ আৰু পৰ্যটন: দৃষ্টিৰ নেপথ্যত ১০ ত্রিলিয়ন ডলাৰৰ ক্ষেত্ৰ’ আদিকে ধৰি বহুকেইখন আলোচনাত অংশগ্ৰহণ কৰে। ডাভোছত তৃতীয় নিশা মুখ্যমন্ত্রী ড° শর্মাই বিনিয়োগকাৰীসকলক আকৰ্ষণ কৰাৰ উদ্দেশ্যে এক বিস্তৃত তথা তথ্যসমৃদ্ধ বক্তব্য দাঙি ধৰিবলৈ সক্ষম হয়। তেওঁ ভ্রমণ আৰু পর্যটন: দৃষ্টিৰ নেপথ্যত ১০ ট্রিলিয়ন ডলাৰৰ ক্ষেত্ৰ’ শীর্ষক অধিৱেশনত অংশগ্ৰহণ কৰি উল্লেখ কৰে যে পর্যটনক কেৱল এক অৱসৰৰ ক্ষেত্ৰৰ দৃষ্টিৰ সলনি নিয়োগ, আঞ্চলিক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ মূল অর্থনীতিক আন্তঃগাঁথনি হিচাপে স্বীকৃতি দিব পাৰি। এই আলোচনা-চক্রতে মুখ্যমন্ত্রী ড° শৰ্মাই অসমৰ পৰ্যটন ক্ষেত্ৰখনে ঐতিহ্য, বন্যপ্রাণী আৰু প্ৰকৃতিৰ কোনোধৰণৰ ক্ষতি নোহোৱা জীৱিকা, ব্ৰহ্মপুত্ৰৰ পৰা চাহ বাগিচা আৰু ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটকৰ আগমনে স্থানীয় লোকসকলক উপকৃত কৰাৰ লগতে পৰিৱেশ সংৰক্ষণতো গুৰুত্ব প্রদান কৰিব বুলি উল্লেখ কৰে। এই অধিৱেশনত ছৌদি আৰব, ফ্রান্স, ইণ্ডোনেছিয়া, টিউনিচিয়াৰ প্ৰতিনিধিৰ লগতে ইউৰোপীয় আয়োগৰ বহনক্ষম পৰিবহণ আৰু পৰ্যটন বিষয়ক আয়ুক্ত উপস্থিত আছিল। ইফালে বুধবাৰে মুখ্যমন্ত্রী ড° শৰ্মাই আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত কয়- আমি ডাভোছৰ এই সন্মিলনত বিশ্বৰ বিভিন্ন ক্ষেত্ৰৰ পৰা ১ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰিবলৈ সক্ষম হৈছোঁ। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নিৰৱচ্ছিন্ন প্রচেষ্টাৰ বাবে অসম আজি ভাৰতৰ আটাইতকৈ দ্রুতগতিত বিকশিত ৰাজ্য হিচাপে আত্মপ্রকাশ কৰিছে আৰু আগলৈ সেই ধাৰা অব্যাহত ৰাখিব।

অসমে আজি হাইড্র’কার্বন আৰু চাহ আদিৰ চিৰপৰিচিত পৰিধি চেৰাই অন্যান্য খণ্ডসমূহতো প্রতিনিধিত্ব কৰাৰ বাট প্রশস্ত কৰিছে। অসমৰ সেই উৎকৃষ্টতা আৰু সম্ভাৱনীয়তালৈ লক্ষ্য ৰাখিয়েই ৰাজ্যখনলৈ ছেমিকণ্ডাক্টৰ উদ্যোগৰ উপৰি লাখ লাখ কোটি টকা লৈ বিভিন্ন বিনিয়োগকাৰী আহিছে। ইফালে বিধানসভা নির্বাচনক কেন্দ্ৰ কৰি ৰাজ্যত বিৰোধী ৰাজনৈতিক দলসমূহে ভোট বিচাৰি ঘূৰি ফুৰাৰ বিপৰীতে ডাভোছত বিনিয়োগকাৰী বিচাৰি ঘূৰি ফুৰা মুখ্যমন্ত্রী ড° শর্মাই এই প্রসংগত কয়-ডব্লিউইএফত অংশগ্ৰহণ কৰাৰ একমাত্র উদ্দেশ্য- অসমৰ বাবে সম্ভাৱনাৰ নতুন পথ প্রশস্ত কৰা। এই সন্মিলনে অসমলৈ বহু ইতিবাচক খবৰ কঢ়িয়াব। আনহাতে ছেমিকণ্ডাক্টৰৰ প্ৰসংগত মুখ্যমন্ত্ৰগৰাকীয়ে কয় যে অসমৰ বাবে ছেমিকণ্ডাক্টৰ উদ্যোগটো কেৱল চিপছ নির্মাণতেই সীমাবদ্ধ নহয়, সমগ্র অর্থ ব্যৱস্থা গঢ়ি তোলাৰো এক বিষয়। এইক্ষেত্রত ডাভোছত আন্তঃৰাষ্ট্ৰীয় কোম্পানীসমূহৰ পৰা অসমে যথেষ্ট ইতিবাচক সঁহাৰি লাভ কৰিছে। উল্লেখ্য যে ১৯ জানুৱাৰীত ডাভোছত উপস্থিত হোৱা মুখ্যমন্ত্রী ড° শৰ্মাই যোৱা চাৰিটা দিনত বিশ্বৰ উদ্যোগপতি, অর্থনীতিবিদ, বহুজাতিক কোম্পানীৰ মুখ্য কার্যবাহী বিষয়া, বিশ্ববেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধি, বিশ্ব বাণিজ্য সংস্থাৰ মুৰব্বীকে ধৰি বিভিন্ন দেশৰ প্ৰতিনিধিৰ সন্মুখত ডব্লিউইচিত অসমক তুলি ধৰিবলৈ সক্ষম হৈছে। এই সময়ছোৱাত মুখ্যমন্ত্রীয়ে ১৬খন দেশৰ এশৰো অধিক বহুজাতিক কোম্পানীৰ ২০০ গৰাকী উদ্যোগপতি আৰু কূটনৈতিক নেতাৰ সৈতে সাক্ষাতত মিলিত হয়।