১ মার্চ-৩১ মে’লৈ ৰাজ্যিক কৰ্মচাৰীৰ ছুটী বাতিল 

Pc Shutterstock

১ মার্চ-৩১ মে’লৈ ৰাজ্যিক কৰ্মচাৰীৰ ছুটী বাতিল 

ৰঙিলী বাৰ্ত্তাসেৱা-   ৰাজ্য চৰকাৰে সমাগত বিধানসভা নিৰ্বাচনৰ বাবে চৰকাৰী কৰ্মচাৰীৰ সকলোধৰণৰ ছুটী বাতিল কৰিছে। ৰাজ্যিক কৰ্মচাৰীয়ে অহা ৩ মাহলৈ কোনোধৰণৰ ছুটী নাপাব বুলি কঠোৰ নির্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে। উল্লেখ্য যে বিধানসভা নিৰ্বাচনৰ অধিসূচনা মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি ৰাজ্যিক মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে উল্লেখ কৰিছিল। মুখ্য নির্বাচনী বিষয়াগৰাকীৰ এনে ঘোষণাক লৈয়ে জিলা নির্বাচনী বিষয়াই প্রতিখন জিলা প্ৰশাসনক চৰকাৰী বিষয়া-কৰ্মচাৰীক ছুটী নিদিয়াৰ বাবে এক নির্দেশনা প্ৰেৰণ কৰিছে। এই নির্দেশনা অনুসৰি ১ মাৰ্চৰ পৰা ৩১ মে’লৈ অৰ্থাৎ নির্বাচনী অধিসূচনা জাৰি হোৱাৰ পৰা নিৰ্বাচনৰ প্ৰক্ৰিয়া শেষ নোহোৱালৈকে কোনো কৰ্মচাৰীকে ছুটী প্রদান কৰা নহ’ব। কেৱল জৰুৰীকালীন ক্ষেত্ৰতহে মঞ্জুৰ কৰা হ’ব ছুটী। উল্লেখ্য যে নির্বাচনী অধিসূচনা জাৰি হোৱাৰ পাছতেই ৰাজ্যিক বিষয়া-কৰ্মচাৰীসকলক নির্বাচন আয়োগে বিভিন্ন নির্বাচনী কামত নিয়োজিত কৰিব। যাৰ বাবে সকলোধৰণৰ ছুটী বাতিল কৰিছে ৰাজ্য চৰকাৰে।