১ জুলাইৰ পৰা আৰম্ভ হ’ব স্নাতক শিক্ষকৰ বাছনি প্রক্রিয়া

১ জুলাইৰ পৰা আৰম্ভ হ’ব স্নাতক শিক্ষকৰ বাছনি প্রক্রিয়া

ৰঙিলী বাৰ্ত্তাসেৱা-  শিক্ষা বিভাগে ১২ সহস্রাধিক শিক্ষক পদত নিযুক্তি দিব । এই অনুসৰি পহিলা জুলাইৰ পৰাই মাধ্যমিক পর্যায়ত খালী হৈ থকা ৭,৫৮৮টা শিক্ষক পদ পূৰণৰ বাবে আৰম্ভ হ’ব প্রক্রিয়া। মুখ্যতঃ ডিব্ৰুগড়, যোৰহাট, কাছাৰ, নগাঁও, কামৰূপ মহানগৰ আৰু বঙাইগাঁও জিলাৰ নিযুক্তি হ’ব লগা এই স্নাতক শিক্ষকৰ পদসমূহ পূৰণৰ লক্ষ্যৰে ৬টা মণ্ডলত প্রার্থীৰ নথি-পত্ৰ পৰীক্ষণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব। উল্লেখ্য যে স্নাতক শিক্ষক পদ পুৰণৰ বাবে প্রার্থীয়ে টেট আৰু বাছনি প্রক্রিয়া পৰীক্ষা উত্তীর্ণ হ’ব লাগিব। মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ দ্বাৰা পৰিচালিত হ’ব লগা এই বাছনি প্রক্রিয়া সন্দর্ভত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ডৱে কয় যে স্নাতক শিক্ষকৰ বাবে মুঠ ৭,৫৮৮টা পদৰ বিপৰীতে আবেদন বিচৰা হৈছিল যদিও এই পদৰ বাবে যোগ্য আবেদনকাৰীৰ সংখ্যা হৈছে ৬,২৩৬গৰাকী। অর্থাৎ ১,৩৫২টা পদ এতিয়া খালী হৈ ৰ’ব। পৰৱৰ্তী সময়ত এই পদসমূহ পূৰণ কৰিবৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিব লাগিব। স্নাতক শিক্ষকৰ ৭ হাজাৰ পদেই নহয়, ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত খালী হৈ থকা স্নাতকোত্তৰ শিক্ষকৰ ১,৪৮৭টা পদৰ বাবে ইতিমধ্যে প্ৰাৰ্থীৰ নথি পৰীক্ষণৰ প্ৰক্ৰিয়া সম্পূর্ণ হৈছে। কিন্তু অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ অভাৱত এই প্ৰক্ৰিয়াৰ পাছতো খালী হৈ ৰ’ব ২৩০টা পদ। এই সন্দর্ভতো শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে স্নাতকোত্তৰ শিক্ষক পদৰ বাবে যোগ্য প্রার্থী লাভ কৰা হৈছে ১,২৫৭ গৰাকী। অর্থাৎ কিছুমান বিষয়ৰ স্নাতকোত্তৰ শিক্ষক পদৰ বাবে এতিয়াও যোগ্য প্রার্থী লাভ কৰা নাই। গতিকে ৰৈ যোৱা পদসমূহৰ বাবেও অচিৰেই বিজ্ঞাপন প্রকাশ কৰা হ’ব। উল্লেখ্য যে স্নাতক শিক্ষক আৰু স্নাতকোত্তৰ শিক্ষকৰ খালী পদৰ বিপৰীতে টেট-বাছনি পৰীক্ষা উত্তীর্ণ যিসকল প্রার্থীয়ে প’ৰ্টেলৰ জৰিয়তে আবেদন জনাইছে তেওঁলোকৰ নথিপত্ৰসমূহ পৰীক্ষাৰ ক্ষেত্ৰত কোনোধৰণৰ ত্রুটি যাতে ৰৈ নাযায়, সেই বিষয়ত বিশেষ গুৰুত্ব দিছে বিদ্যালয় শিক্ষা বিভাগে। বিশেষকৈ বি-এড উত্তীর্ণ প্রমাণ-পত্রসমূহ গ্রহণযোগ্য হয় নে নহয়, সেই দিশটোৰ ওপৰত গুৰুত্ব প্রদান কৰা হৈছে বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে।