১ জানুৱাৰীৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ’ব ‘বাবু আঁচনি’
ৰঙিলী বাৰ্ত্তাসেৱা- বঙাইগাঁও জিলাৰ অভয়াপুৰী বিধানসভা সমষ্টিত অনুষ্ঠিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২৩,৯৪৯গৰাকী হিতাধিকাৰীলৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ কৰে। এই হিতাধিকাৰীসকলৰ ২২,৬৪১ গৰাকী গ্রামাঞ্চলৰ আৰু ১,৩০৮ গৰাকী নগৰাঞ্চলৰ। এই উপলক্ষে অভয়াপুৰীস্থিত অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত আয়োজিত অনুষ্ঠানত সমষ্টিৰ ভিতৰত আজিৰ সভাখনকে ধৰি ৪০টা সমষ্টিৰ মহিলাসকলে এইপর্যন্ত ১০ হাজাৰ টকাকৈ প্ৰথম ভাষণ দি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে ৰাজ্যৰ ১২৬টা বিধানসভা কিস্তিৰ চেক লাভ কৰিলে আৰু বাকীসমূহ সমষ্টিসমূহতো শীঘ্ৰেই এই পুঁজি বিতৰণ কৰা হ’ব। হিতাধিকাৰী মহিলাসকলক উদ্যমিতা পুঁজিৰ ধনৰ উপযুক্ত ব্যৱহাৰৰ আহ্বান জনাই তেওঁ কয় যে ৰাজ্যৰ যিকেইটা সমষ্টিত যোৱা আগষ্ট-ছেপ্টেম্বৰ মাহত এই পুঁজি বিতৰণ কৰা হৈছিল, সেই সমষ্টিসমূহৰ কোনো এগৰাকী মহিলাই এই ধনৰ অপব্যৱহাৰ কৰা নাই আৰু সকলোৱে এই পুঁজিক গঠনমূলক কামত ব্যৱহাৰ কৰিছে। তেওঁ কয় যে বিৰোধীৰ হাজাৰ অপপ্ৰচাৰকো নেওচি ৰাজ্য চৰকাৰে অসমৰ ৰাইজক দিয়া প্ৰতিটো প্রতিশ্রুতি আখৰে আখৰে পালন কৰি আহিছে আৰু আজিৰ সভাই তাৰ জ্বলন্ত প্রমাণ। মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে হিতাধিকাৰী সৃষ্টি চৰকাৰৰ উদ্দেশ্য নহয় বুলি মন্তব্য কৰি তেওঁ কয় যে এই আঁচনিৰ লক্ষ্য হৈছে প্ৰতিগৰাকী মহিলাকে একো একোগৰাকী লাখপতি বাইদেউ হিচাপে গঢ়ি তোলা। মুখ্যমন্ত্রীয়ে কয় যে বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে যোৰহাটত অনুষ্ঠিত এখন সভাত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশৰ ৩ কোটি মহিলাক লাখপতি বাইদেউ গঢ়াৰ বাবে থকা তেওঁৰ সপোনৰ কথা মুখ্যমন্ত্ৰীক অৱগত কৰিছিল আৰু অসমৰ মহিলাসকলৰ উদ্যমী আৰু কষ্টসহিষ্ণু গুণৰ প্ৰশংসা কৰি তেওঁলোককো লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰ বাবে চিন্তা-চৰ্চা কৰিবলৈ পৰামৰ্শ দিছিল। প্ৰধানমন্ত্ৰীৰ এই আহ্বান অনুসৰিয়ে ৰাজ্য চৰকাৰেও ৰাজ্যৰ আইমাতৃসকলক লাখপতি বাইদেউ হিচাপে গঢ়াৰ সংকল্পৰে এই আঁচনি আৰম্ভ কৰিছে বুলি ড° শৰ্মাই উল্লেখ কৰে। অসমত মহিলাসকলৰ মাজত এক জাগৰণৰ সৃষ্টি হৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে ৰাজ্যৰ মহিলাসকলো আজি পৰিয়ালৰ উপাৰ্জনৰ এক চালিকাশক্তিলৈ ৰূপান্তৰিত হৈছে। অভয়াপুৰী বিধানসভা সমষ্টিত ইতিমধ্যে ২৯,৬৮৩গৰাকী হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিছে বুলি অৱগত কৰি তেওঁ কয় যে সমষ্টিটোত নতুনকৈ ৩,৪০০ গৰাকী অৰুণোদয় হিতাধিকাৰীৰ অন্তর্ভুক্তিৰ প্ৰক্ৰিয়া চলি আছে। অভয়াপুৰী বিধানসভা সমষ্টিত ২,৭৭২গৰাকী ছাত্ৰীয়ে মুখ্যমন্ত্রী নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিছে বুলি জানিবলৈ দি তেওঁ কয় যে অসমমালাৰ অধীনত ঔডুবিৰ মাজেৰে যোগীঘোপাৰ পৰা বঙাইগাঁও সংযোগী পথ, তালগুৰি-বাসুগাঁও আৰু শ্বহীদ বেদীৰ পৰা উত্তৰ শালমাৰা জংচন সংযোগী পথ, ৪খনকৈ দলং অভয়াপুৰী সমষ্টিত নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। অতি সোনকালে বঙাইগাঁও মেডিকেল কলেজ আৰু ইঞ্জিনীয়াৰিং কলেজৰ সেৱা আৰম্ভ কৰা হ’ব বুলিও তেওঁ অৱগত কৰে। বৃদ্ধ পেন্সনৰ ধনৰাশিৰ পৰিমাণ অতি শীঘ্রেই বৃদ্ধি কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে ‘নিযুত মইনা’ৰ আৰ্হিত ল’ৰাসকলৰ বাবেও জানুৱাৰী মাহৰ পৰা এখন নতুন আঁচনি আৰম্ভ কৰাৰ বিষয়ে চিন্তা-চৰ্চা চলি আছে। আমাৰ জ্যেষ্ঠসকলে মোক বৃদ্ধ পেঞ্চন বঢ়াই দিয়াৰ কথা কৈ আছে। দুই-এদিনতে বৃদ্ধ পেঞ্চন বঢ়াই দিয়া হ’ব। এইদৰে ল’ৰাসকলে লগ পালেই মোক কয়- মামা, আমাকো বাবু আঁচনি এখন দিয়ক। অহা ১ জানুৱাৰীৰ পৰা বাবু আঁচনিখনো দিব গৈ আছো। এই বাবু আঁচনিখনৰ নাম মই দিয়া নাই। ল’ৰাসকলে নিজেই দিছে। সভাত অসম চৰকাৰৰ সাধাৰণ প্রশাসন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, সাংসদ ফণীভূষণ চৌধুৰী, বিধায়িকা দীপ্তিময়ী চৌধুৰী, অভয়াপুৰী পৌৰসভাৰ পৌৰপতি সুশান্ত পোদ্দাৰ, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱেশ ৰয়, প্রাক্তন বিধায়ক ভূপেন ৰয়, সমাজকর্মী উজ্জ্বলকান্তি ৰয়, অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অভিযান সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈ আৰু জিলা আয়ুক্ত নৱদীপ পাঠককে ধৰি পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ তথা জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল আৰু হিতাধিকাৰী মহিলাসকল উপস্থিত থাকে।
