১ অক্টোবৰৰ পৰা ৰেচন কার্ড থকাসকলে পাব দাইল-চেনি-নিমখ
ৰঙিলী বাৰ্ত্তাসেৱা- ১ অক্টোবৰৰ পৰা ৰেচন কাৰ্ডৰ জৰিয়তে হিতাধিকাৰীক চাউলৰ লগতে প্ৰদান কৰা হ’ব দাইল, চেনি আৰু নিমখ।মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিলে এই কথা। প্রধানমন্ত্রী আৱাস যোজনা গ্রামীণৰ অধীনত গৃহ অনুমোদন-পত্ৰ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয়- ১ অক্টোবৰৰ পৰা ৰেচন কার্ড থকা পৰিয়ালে এতিয়াৰে পৰা কাৰ্ডৰ জৰিয়তে বজাৰ দৰতকৈ কম মূল্যত দাইল, চেনি আৰু নিমখ লাভ কৰিব। বজাৰৰ দৰতকৈ দাইল আৰু চেনি ২৫ টকা কম মূল্যত লাভ কৰাৰ লগতে নিমখত ১০ টকা কম মূল্যত ক্ৰয় কৰিব পাৰিব। তেওঁ লগতে কয় যে ৰেচন কার্ড থকা ৫জনীয়া পৰিয়ালে এক কিলোগ্রামকৈ এই সামগ্রী লাভ কৰিব আৰু ৫জনতকৈ অধিক থাকিলে এই সামগ্রী দুই কিলোগ্রামকৈ লাভ কৰিব। এই ব্যৱস্থা ১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব। দুখীয়া লোকসকলে ঘৰ লাভ কৰাৰ লগতে অৰুণোদয় আৰু ৰেচন কাৰ্ডৰ জৰিয়তে দাইল, চেনি, নিমখো লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে ইয়াকো স্পষ্ট কৰে যে মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিখনৰ অধীনত আত্মসহায়ক গোটৰ যোগ্য মহিলাক ১০ হাজাৰ টকাকৈ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। এই ১০ হাজাৰ টকা সঠিককৈ ব্যৱহাৰ কৰিলে বেংকৰ পৰা ২৫ হাজাৰ টকাকৈ দিয়াৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰে ১২,৫০০ টকা চৰকাৰে প্ৰদান কৰিব। এই আঁচনিখন ১ এপ্ৰিলৰ পৰা আৰম্ভ কৰা হ’ব।