১৯-২১ এপ্ৰিলৰ ভিতৰত প্ৰকাশ পাব মেট্ৰিক পৰীক্ষাৰ ফলাফল

PC - Deccan Herald

১৯-২১ এপ্ৰিলৰ ভিতৰত প্ৰকাশ পাব মেট্ৰিক পৰীক্ষাৰ ফলাফল

ৰঙিলী বাৰ্ত্তাসেৱা-  বিহুৰ আনন্দৰ মাজতে ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল। এই মন্তব্য কৰিছিল শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। কিন্তু শিক্ষামন্ত্ৰীগৰাকীয়ে মেট্ৰিকৰ ফলাফল ঘোষণাৰ কোনো তাৰিখ ঘোষণা কৰা নাছিল সংবাদ মাধ্যমৰ আগত। কিন্তু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে মেট্ৰিকৰ ফলাফল ঘোষণাৰ তাৰিখ। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ১৯ৰ পৰা ২০ এপ্ৰিলৰ ভিতৰত ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফল। অৰ্থাৎ বিহুৰ ঠিক পিছতেই ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এইবাৰ মেট্ৰিকত উত্তীর্ণ ছাত্ৰীসকলৰ বিনামূলীয়া নামভৰ্তিৰ লগতে তেওঁলোকৰ একাউণ্টত চৰকাৰৰ তৰফৰ পৰা ১০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব। সেইদৰে এইবাৰ স্নাতক শ্রেণীত নামভর্তি কৰা ছাত্ৰীসকলৰ একাউণ্টত ১২,৫০০ টকাকৈ আৰু বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা ছাত্ৰীসকলৰ একাউণ্টত ২৫ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব বুলিও ভাষণত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উল্লেখ কৰে।