১৯ সংখ্যক অযোধ্যা চলচ্চিত্ৰ মহোৎসৱত উজলিল ‘অনচূনী চিখেঁ’
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৌৰৱ কঢ়িয়াই অনা ‘অনচুনী চিখেঁ’ শীর্ষক চুটিছবিখনে ১৯সংখ্যক অযোধ্যা চলচ্চিত্র মহোৎসৱতো সন্মান বুটলিবলৈ সক্ষম হৈছে। লেখক, শীর্ষ পদস্থ আৰক্ষী বিষয়া ড° পাৰ্থ সাৰথি মহন্তৰ এটি কবিতাৰ আধাৰত ৰচিত কাহিনীৰে নিৰ্মিত এই ছবিখনে অযোধ্যা চলচ্চিত্র মহোৎসৱখনত ‘শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবি’ৰ সন্মান লাভ কৰিছে। উল্লেখ্য যে ছবিখনত এককভাৱে অভিনয় কৰিছে ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্রসিদ্ধ অভিনেত্রী সীমা বিশ্বাসে। অভিনেত্ৰীগৰাকীৰ বলিষ্ঠ অভিনয়েৰে ছবিখনত ভাৰতৰ এগৰাকী যুৱতীৰ প্ৰত্যাহ্বানেৰে ভৰা কষ্টকৰ এক শক্তিশালী জীৱনযাত্ৰাক চিত্রায়িত কৰা হৈছে। জন্মৰ পৰা প্ৰাপ্তবয়স্কলৈ তেওঁ কিদৰে সমাজত বৈষম্যৰ সন্মুখীন হয়, ইয়াৰ বাস্তৱ প্ৰতিচ্ছবি ইয়াত প্রতিফলন হৈছে। ড° পাৰ্থ সাৰথি মহন্তই পৰিচালনা কৰা আৰু মীনা মহন্ত-ইন্দ্ৰাণী বৰুৱাই প্ৰযোজনা কৰা এই চুটিছবিখনে চেন্নাইত অনুষ্ঠিত কল্লীউড আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘শ্রেষ্ঠ এছিয়ান চুটিছবি’ৰ বঁটাৰ উপৰি জয়পুৰ চলচ্চিত্র মহোৎসৱ, দিল্লী চলচ্চিত্র মহোৎসৱ আৰু কলকাতাত অনুষ্ঠিত ইণ্ডিপেণ্ডেন্ট চলচ্চিত্র মহোৎসৱত ‘শ্রেষ্ঠ চুটি ছবি’ৰ বঁটা লাভ কৰিছিল। তদুপৰি, ছবিখন কান চলচ্চিত্র মহোৎসৱৰ ‘মার্চে ডু ফিল্ম’তো (অনলাইন শাখা)ত প্রদর্শিত হৈছিল আৰু বিশ্বৰ বিভিন্ন দেশৰ দৰ্শকে ছবিখনক অতি উচ্চ প্রশংসা কৰিছিল।