১৯ ছেপ্টেম্বৰ শুক্ৰবাৰ – অমিয়া বেগম

১৯ ছেপ্টেম্বৰ শুক্ৰবাৰ

অমিয়া বেগম

সেই দিনটো আছিল ১৯ ছেপ্টেম্বৰ,
বিশ্ববাসীৰ প্ৰাণৰ এজন মহান শিল্পীক
হেৰুৱাৰ দিন ।
সমগ্ৰ অসমবাসীৰ বাবে
আছিলা তুমি
সংগীত জগতৰ
এটা উজ্বল নক্ষত্ৰ।
আমাৰ সকলোৰে
হিয়াৰ আমঠু তুমি ।
আজিও বুকুখন
ধৰফৰকৈ কান্দি উঠে
সেই দিনটোৰ কথা
মনলৈ আহিলে ।
‌ কেতিয়াবা এনেকুৱা
ভাব হয় যেন
তুমি জীয়াই আছা,
মৃত্যু তোমাৰ হোৱা নাই
যেন তুমি গভীৰ নিদ্ৰাত
মগ্ন হৈ আছা।
ভাৰত তথা অসমবাসীক
কন্দুৱাই সেই দিনাই
হেৰুৱালো আমি
সেই মহান শিল্পী
প্ৰাণৰ জুবিন গাৰ্গ ।।