১৯ এপ্ৰিলত হ’বলগীয়া প্ৰথম পৰ্য্যায়ৰ লোকসভা নিৰ্বাচন-২০২৪ ৰ ১৩ নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে তিনিগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন পত্ৰ

১৯ এপ্ৰিলত হ’বলগীয়া প্ৰথম পৰ্য্যায়ৰ লোকসভা নিৰ্বাচন-২০২৪ ৰ ১৩ নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে তিনিগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন পত্ৰ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অহা ১৯ এপ্ৰিলত হ’বলগীয়া প্ৰথম পৰ্য্যায়ৰ লোকসভা নিৰ্বাচন-২০২৪ ৰ ১৩ নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে মুঠ তিনিগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। ২৬ মাৰ্চত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল, অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে আৰু অন্তিম দিনা ২৭ মাৰ্চত আম আদমী পাৰ্টীৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে মনোনয়ন পত্ৰ দাখিল কৰিছে বুলি ডিব্ৰুগড় নিৰ্বাচনী জিলাৰ প্ৰচাৰ কোষে জানিবলৈ দিয়ে। উল্লেযোগ্য যে, ২৮ মাৰ্চ তাৰিখে মনোনয়ন পত্ৰসমূহ পৰীক্ষণ কৰা হ’ব। মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ৩০ মাৰ্চ। অহা ১৯ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোটগ্ৰহণ কৰা হ’ব ।