১৯ অনুৰ্ধ এছিয়া কাপত পাকিস্তানক ৯০ ৰানত পৰাস্ত কৰে ভাৰতে
ৰঙিলী বাৰ্ত্তাসেৱা- ১৯ অনুৰ্ধ এছিয়া কাপৰ পঞ্চমখন মেচত পাকিস্তানক ৯০ ৰানত পৰাস্ত কৰিলে ভাৰতে। প্রথমে বেটিং কৰিবলৈ আহি ভাৰতে ৪৬.১ অভাৰত আটাইকেইটা উইকেটত হেৰুৱাই ২৪০ ৰান সংগ্ৰহ কৰে। দলৰ হৈ ৮৫ ৰান কৰে এৰণ জর্জে। আয়ুস মাত্রেই ৩৮ আৰু কণিষ্ক চৌহানে ৪৬ ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত ৪১.২ অভাৰত ১৫০ ৰানত পাকিস্তানৰ ইনিংছৰ সমাপ্তি ঘটে। ইনিংছ মুকলি কৰি পাকিস্তানে নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱায়। সমীৰ মিনাহাছ (৯), আলী হাছান বালোছে (০), আহমেদ হুছেইন (৪) আউট হোৱাৰ পিছত পাকিস্তানে ৩০ ৰানতে ৪টা উইকেট হেৰুৱায়। অৱশ্যে অধিনায়ক ফাৰহান ইউছুফে ২৩ৰান আৰু হুজাইফা এহছানে ৭০ৰান কৰি দলক কিছু আগুৱাই নিয়ে। ফাৰহানৰ উইকেট দখল কৰে বৈভবে। ইয়াৰ পিছতে পাকিস্তানৰ বেটিং লাইনৰ পতন ঘটে। এহছানৰ বাহিৰে দলৰ অন্য বেটাৰসকল সম্পূৰ্ণৰূপে ব্যর্থ হয়। এহছানে উন্নত বেটিং কৰি দলক সন্মানজনক স্থিতিত উপনীত কৰায়। ভাৰতৰ কণিষ্ক আৰু দীপেশ দেৱেন্দ্রনে ৩টাকৈ উইকেট দখল কৰে।
