১৯৭১ চনেই হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষঃ উচ্চতম ন্যায়ালয়

১৯৭১ চনেই হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষঃ উচ্চতম ন্যায়ালয়

ৰঙিলী বাৰ্ত্তাসেৱা- নাগৰিকত্বৰ ভিত্তিবৰ্ষক লৈ গুৰুত্বপূৰ্ণ ৰায়দান উচ্চতম ন্যায়ালয়ৰ। ১৯৫১ নহয়, ১৯৭১ চনৰ ২৫ মাৰ্চ হ’ব বিদেশী নাগৰিক চিনাক্তকৰণৰ ভিত্তিবৰ্ষ । উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠৰ এই গুৰুত্বপূৰ্ণ ৰায় । দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ সূৰ্য কান্ত, এম এম সুন্দ্ৰেশ, জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰ দ্বাৰা গঠিত বিচাৰপীঠে এই ৰায় ঘোষণা কৰে । ৰায়ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ সূৰ্য কান্ত, এম এম সুন্দ্ৰেশ আৰু মনোজ মিশ্ৰই ১৯৭১ চন ভিত্তিবৰ্ষৰ সপক্ষে ৰায়দান কৰে । আনহাতে, জে বি পাৰ্দিৱালাই ১৯৫১ চন ভিত্তিবৰ্ষৰ সপক্ষে ৰায়দান কৰে ।উল্লেখ্য যে, নাগৰিকত্ব আইন ১৯৫৫ৰ ৬(ক) ধাৰাক প্ৰত্যাহ্বান জনোৱা আবেদনক লৈ এই ৰায় দিয়া হয়। সন্মিলিত মহাসংঘৰ মতিউৰ ৰহমানে ভিত্তিবৰ্ষ সন্দৰ্ভত গোচৰ দিছিল ন্যায়ালয়ত। ৬(ক) ধাৰাক প্ৰত্যাহ্বান জনাই অসম সন্মিলিত মহাসংঘই তৰিছিল গোচৰ। মহাসংঘৰ এই গোচৰ সন্দৰ্ভত ৰায়দান প্ৰদান কৰিলে মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ৰ নেতৃত্বত ৫জনীয়া বিচাৰপীঠে। ৫৬২/২০১২ নম্বৰত বিচাৰাধীন হৈ আছিল এই বিষয়টো। অসম সন্মিলিত মহাসংঘ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে দাখিল কৰিছিল আবেদনৰ ভিত্তিতে ২০১৫ চনত তদানীন্তন ন্যায়াধীশ ৰঞ্জন গগৈয়ে সাংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰিছিল গোচৰটো। ২০২৩ চনৰ ১২ ডিচেম্বৰত ৫ জনীয়া বিচাৰপীঠে সংৰক্ষিত কৰি ৰাখিছিল ৰায়দান। উল্লেখ্য যে অসম চুক্তি অনুসৰি বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ বাবে নিৰ্ধাৰিত ১৯৭১ চনৰ ২৪ মাৰ্চ তাৰিখৰ ভিত্তিবৰ্ষক প্ৰত্যাহ্বান জনাই দাখিল কৰা হৈছিল এই গোচৰ।