১৮ মাহৰ বাবে অসমলৈ অনা হ’ব গুৰুজনাৰ বৃন্দাবনী বস্ত্র 

১৮ মাহৰ বাবে অসমলৈ অনা হ’ব গুৰুজনাৰ বৃন্দাবনী বস্ত্র 

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কোচ মহাৰজা নৰনাৰায়ণৰ অনুৰোধত তৈয়াৰ কৰি উলিওৱা বৃন্দাবনী বস্ত্রখন অচিৰেই ৰাজ্যবাসীয়ে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ’ব। অসমবাসীক এই সুখবৰ দি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা ২০২৭ চনত ১৮ মাহৰ বাবে অসমলৈ লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামে প্ৰেৰণ কৰিব বৃন্দাবনী বস্ত্র। এই সন্দৰ্ভত ব্ৰিটিছ মিউজিয়ামৰ সঞ্চালক ড° নিক’লাছ কালিনানে মুখ্যমন্ত্রী ড° শৰ্মালৈ এক পত্ৰ প্ৰেৰণ কৰি বৃন্দাবনী বস্ত্ৰ প্ৰেৰণৰ কিছু চৰ্ত উল্লেখ কৰিছে।দিছপুৰৰ লোকসেৱা ভৱনত এক সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্রী ড° শৰ্মাই এই সন্দর্ভত কয়- বৃন্দাবনী বস্ত্র অসমলৈ অনাত কিছু অসুবিধা আছে। এইক্ষেত্রত ব্রিটিছ চৰকাৰে অসম চৰকাৰক কেতবোৰ চৰ্ত দিছে। শ্ৰীমন্ত শংকৰদেৱে তৈয়াৰ কৰি উলিওৱা বৃন্দাবনী বস্ত্ৰখন প্রত্যক্ষ কৰিবলৈ প্ৰতিজন অসমীয়াৰে বিশেষ হাবিয়াস আছে। বৃন্দাবনী বস্ত্র কালক্ৰমত তিব্বত হৈ লণ্ডন, ফ্রান্স আদি ইউৰোপৰ বিভিন্ন স্থানলৈ ইয়াক লৈ যোৱা হৈছিল। বৃন্দাবনী বস্ত্রখন অসমবাসীয়ে যাতে প্ৰত্যক্ষ কৰিব পাৰে তাৰ বাবে যোৱা দীর্ঘসময়ৰ পৰা বিভিন্ন প্রচেষ্টা তথা আলোচনা চলি আছে। মূল সমস্যাটো হ’ল- ইউৰোপৰ তিনিটা মিউজিয়ামত তিনিখন বৃন্দাবনী বস্ত্র আছে। কোনখন আচল বৃন্দাবনী বস্ত্র তাক লৈও বিভিন্ন সময়ত চর্চা চলি আছে। ইয়াৰ মাজতে এই বিষয়ত ব্রিটিছ মিউজিয়ামৰ কিউৰেটৰ ৰিচাৰ্ড বাৰ্টনে লিখি উলিওৱা এক গ্রন্থত বৃন্দাবনী বস্ত্ৰৰ বিষয়ে বহুখিনি কথা উল্লেখ কৰা হৈছে। বিশেষকৈ বৃন্দাবনী বস্ত্ৰখনৰ সূতা, ইয়াৰ ডিজাইন, ইয়াৰ লগত জড়িত আধ্যাত্মিক ইতিহাসৰ বিষয়েও তেওঁৰ গ্ৰন্থত বৰ্ণনা কৰিছে। বৃন্দাবনী বস্ত্ৰখনৰ সবিশেষ ল’বলৈ ৰিচার্ড বার্টন অসমলৈ আহিছে। কিছু বছৰ পূৰ্বে লণ্ডনৰ মিউজিয়ামত থকা এই বৃন্দাবনী বস্ত্রখন দর্শনার্থীৰ বাবে মুকলি কৰি দিয়া হৈছিল। আজি যদি বৃন্দাবনী বস্ত্রখন আমি লণ্ডন মিউজিয়ামত চাব বিচাৰোঁ, তেন্তে ই অতি সহজতে দৰ্শন কৰিব পৰা নাযাব। ইয়াৰ বাবে যথেষ্ট আগতীয়াকৈ ব্ৰিটিছ মিউজিয়ামৰ পৰা অনুমতি ল’ব লাগিব আৰু নির্দিষ্ট দিনতহে গৈ ইয়াক চাব পৰা যাব। কাৰণ বৃন্দাবনী বস্ত্ৰৰ যথেষ্ট বয়স হোৱা হেতুকে কাপোৰখন যাতে নতুন পৰিৱেশত বেয়া হৈ নাযায়, বিশেষকৈ বতাহ বা আন পৰিৱেশৰ বাবে বস্ত্ৰখনত প্রভাৱ নপৰে, তাৰ বাবে মুকলিকৈ এইখন এতিয়া প্ৰদৰ্শন কৰা নহয়। বৃন্দাবনী বস্ত্রখন মই নিজে প্রত্যক্ষ কৰাৰ লগতে বিধানসভাৰ অধ্যক্ষৰ দায়িত্বত থকা সময়ত বৰ্তমানৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসেও ফ্রান্সত প্রত্যক্ষ কৰি আহিছে। এই দুয়োখনৰ মাজত প্রকৃত বৃন্দাবনী বস্ত্র কোনখন তাক লৈ যথেষ্ট চর্চা চলি আছে আৰু ইয়াৰ পাৰ্থক্যও উলিওৱা টান। ইয়াৰ মাজতে ৰাজ্য চৰকাৰে ব্ৰিটিছ মিউজিয়াম, ফ্রান্সৰ মিউজিয়াম আৰু ইউৰোপৰ আন যি ঠাইত বৃন্দাবনী বস্ত্র থকা বুলি খবৰ পাইছোঁ, তালৈ পত্ৰ প্ৰেৰণ কৰি যোগাযোগ অব্যাহত ৰাখিছিলোঁ। অসম চৰকাৰৰ অনুৰোধ আছিল এবাৰ হ’লেও এই বস্ত্ৰখন অসমলৈ আনি ৰাজ্যবাসীক দেখুওৱাটো। ইউৰোপৰ মিউজিয়ামত যিধৰণে সংৰক্ষণ কৰি ৰখা হৈছে, সেইধৰণে অসমত সংৰক্ষণ কৰাৰ ব্যৱস্থা বৰ্তমান নাই। এই প্ৰচেষ্টাৰ মাজতে যোৱা আগষ্ট মাহত ব্রিটিছ মিউজিয়ামে অসম চৰকাৰলৈ এক পত্ৰ প্ৰেৰণ কৰি কেইটামান চৰ্ত যদি অসম চৰকাৰে পূৰণ কৰিব পাৰে তেন্তে ২০২৭ চনত বৃন্দাবনী বস্ত্রখন তেওঁলোকে ১৮ মাহৰ বাবে লৈ অহাৰ ব্যৱস্থা ল’ব। ব্রিটিছ মিউজিয়াম আৰু অসম চৰকাৰৰ মাজত এই বিষয়টোক লৈ যোগাযোগত বা মধ্যস্থতাকাৰী হিচাপে আছিল জে এছ ডব্লিউ নামৰ প্ৰতিষ্ঠানটো। এই প্রতিষ্ঠানটোৱে আৰ্ট-ক্রাফ্টৰ কাম কৰে সমগ্ৰ বিশ্বতে। এই জে এছ ডব্লিউ নামৰ প্ৰতিষ্ঠানটোৱে নিজা উদ্যোগত ব্ৰিটিছ মিউজিয়ামৰ পৰা বৃন্দাবনী বস্ত্ৰখন অসমলৈ অনাৰ ব্যৱস্থা কৰিব। এইক্ষেত্রত জে এছ ডব্লিউৱে অসম চৰকাৰক বৃন্দাবনী বস্ত্ৰখন ডিজিটেল ৰূপত চাবলৈ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰিছে। চলিত বৰ্ষতে কলাক্ষেত্ৰৰ পৰা ডিজিটেলী লণ্ডন মিউজিয়ামত থকা বৃন্দাবনী বস্ত্ৰখন চাব পৰা যাব। আনহাতে জে এছ ডব্লিউৱে দ্বিতীয়তে কৈছে যে অসমত এটা বিশেষ তথা অত্যাধুনিক মিউজিয়াম নিৰ্মাণ কৰিব লাগিব। যিটো মিউজিয়ামত বৃন্দাবনী বস্ত্ৰখন ৰাখিব পৰা পৰিৱেশৰ সমপৰ্যায়ৰ হ’ব লাগিব। এই মিউজিয়ামৰ ভিতৰৰ যি ব্যৱস্থা হ’ব, সেই ব্যৱস্থা ব্রিটিছ মিউজিয়ামত যিধৰণে বৃন্দাবনী বস্ত্ৰ ৰখা হৈছে, সেইধৰণৰ হ’ব লাগিব। অসমলৈ বৃন্দাবনী বস্ত্র আনিলে তাক যাতে এই মিউজিয়ামত ৰাখিব পৰা যায়, তেনে অত্যাধুনিক এটা সংগ্ৰহালয় ৰাজ্য চৰকাৰে বনাব লাগিব। জে এছ ডব্লিউৱে ইতিমধ্যে কলাক্ষেত্ৰ আৰু ৰাজ্যিক মিউজিয়াম পৰিদৰ্শন কৰি এই দুটা স্থানত বৃন্দাবনী বস্ত্ৰ ৰাখিব পৰা নহ’ব বুলি স্পষ্ট কৰি দিছে। এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ষ্টেট অৱ আর্ট মিউজিয়াম নিৰ্মাণৰ চিন্তা-চৰ্চা কৰিছে। ৰাজ্য চৰকাৰৰ এই চিন্তা-চর্চা আগত লৈয়েই জে এছ ডব্লিউৱে স্পষ্ট কৰিছে যে এই মিউজিয়ামটো প্রস্তুত হ’লে ২০২৭ চনত অসমলৈ বৃন্দাবনী বস্ত্রখন আনিব পৰা যাব। মুখ্যমন্ত্রী ড° শর্মাই কয়- এবাৰ যদি অসমলৈ ব্ৰিটিছ মিউজিয়ামৰ পৰা বৃন্দাবনী বস্ত্ৰখন আনিব পৰা যায় আৰু ইয়াৰ প্ৰদৰ্শন যদি সুকলমে হৈ যায়, তেন্তে ইউৰোপৰ আন মিউজিয়ামত থকা বৃন্দাবনী বস্ত্রও অনাত যথেষ্ট সহজ হ’ব। অত্যাধুনিক সংগ্রহালয় নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে জে এছ ডব্লিউৰ সৈতে যোগাযোগ কৰিছে আৰু তেওঁলোকে এনে এক সংগ্ৰহালয় নিৰ্মাণ কৰি দিয়াৰ বাবে প্রতিশ্রুতি দিছে। এই মিউজিয়াম নিৰ্মাণৰ পিছত পৰৱৰ্তী সময়ত উপহাৰস্বৰূপে অসম চৰকাৰক তেওঁলোকে ওভতাই দিব। শেহতীয়াকৈ অনুষ্ঠিত কেবিনেটত ৰাজ্য চৰকাৰে খানাপাৰাত থকা ৰেচম বিভাগৰ এবিঘা ভূমি এই সংগ্ৰহালয়টো নিৰ্মাণৰ বাবে অনুমোদন জনাইছে। মুখ্যমন্ত্রী ড° শর্মাই জানিবলৈ দিয়া মতে, এক দীঘলীয়া প্রতীক্ষা আৰু ৰাজ্যবাসীৰ আগ্ৰহৰ প্ৰতি সম্মান জনাই বৃন্দাবনী বস্ত্ৰ অনাৰ যি প্রয়াস চলিছে, এই প্রয়াসৰ জৰিয়তে অসমে ২০২৭ চনত বৃন্দাবনী বস্ত্র প্রত্যক্ষ কৰাৰ সুযোগ পাব। ইতিমধ্যে ব্রিটিছ মিউজিয়ামে এই বৃন্দাবনী বস্ত্ৰ পুনৰ দৰ্শনৰ বাবে মোক আমন্ত্ৰণ কৰিছে। অহা অক্টোবৰ-নৱেম্বৰ মাহত এবাৰ লণ্ডনৰ মিউজিয়ামলৈ যোৱাৰ বাবে মই চেষ্টা কৰিম। এই সমগ্ৰ প্ৰক্ৰিয়া সুচাৰুৰূপে কৰাৰ বাবে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ ইতিমধ্যে আগষ্ট মাহতে পত্ৰ প্ৰেৰণ কৰিছে আৰু সেই ধৰণেই কেন্দ্ৰীয় বৈদেশিক মন্ত্রালয়ে লণ্ডনস্থিত ভাৰতৰ উচ্চাযুক্তৰ সৈতে যোগাযোগ আৰম্ভ কৰি অসম চৰকাৰক এইক্ষেত্ৰত সহায়ৰ বাবে নির্দেশ দিছে। আনকি ব্রিটিছ মিউজিয়ামক কেন্দ্রীয় বিদেশ মন্ত্ৰালয়ৰ জৰিয়তে বৃন্দাবনী বস্ত্ৰখন যাতে সুকলমে লণ্ডনলৈ উভতি যায়, তাৰো নিশ্চয়তা লৈছে। মুখ্যমন্ত্রী ড° শৰ্মাই কয়- চৰাইদেউ মৈদামক ইউনেস্ক’ৰ স্বীকৃতি প্রদান, অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ স্বীকৃতিৰ পাছত আৰু এক বহুদিনীয়া সপোন বাস্তৱত ৰূপায়িত হোৱাৰ দিশে আগবাঢ়িছে।