১৮ নবেম্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন

১৮ নবেম্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন
ৰাজ্যজুৰি অগপৰ জাতীয় স্বাভিমান দিৱস
সহস্ৰাধিক যুৱ, ছাত্ৰ পৰিষদৰ সদস্যই কৰিব ৰক্তদান

ৰঙিলী বাৰ্ত্তাসেৱা- ১৮ নবেম্বৰ তাৰিখে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিনটো ৰাজ্যজুৰি অসম গণ পৰিষদ দলে জাতীয় স্বাভিমান দিৱস ৰূপে পালন কৰিব।এই সন্দৰ্ভত আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত এখনি সংবাদ মেলত দলৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই কয় যে, উক্ত দিনা দলৰ প্ৰতিখন বিধান সভা সমষ্টি সমিতিয়ে বিস্তৃত কাৰ্য্যসূচীৰে জাতীয় স্বাভিমান দিৱস পালন কৰিব। কাৰ্য্যসূচীৰ ভিতৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি, নাহৰকে ধৰি গছণ পুলি ৰোপন,প্ৰকৃতি বন্ধু আৰু কিতাপৰ বন্ধুক সম্বৰ্ধনা, প্ৰাণৰ শিল্পী জুৱিন গাৰ্গৰ গীত পৰিবেশন,জুবিন গাৰ্গৰ স্বাভিমানী সত্বাৰ ওপৰত নিৰ্দিষ্ট বক্তাৰ ভাষণ, সন্ধিয়া দলীয় কাৰ্য্যালয় অথবা ৰাজহুৱা স্থানত বন্তি প্ৰজ্বলন ।ইয়াৰ উপৰিও দলৰ যুৱ সংগঠন আৰু ছাত্ৰ সংগঠন অসম যুৱ পৰিষদ আৰু অসম ছাত্ৰ পৰিষদৰ সহস্ৰাধিক সদস্যই প্ৰতিখন জিলা সদৰত ৰক্তদান কৰিব। ইতিমধ্যে কেইবাশতাধিক সদস্যই ৰক্তদানৰ বাবে নাম পঞ্জীয়ন কৰিছে বুলি সংবাদমেলত সাধাৰণ সম্পাদক গৰাকীয়ে অৱগত কৰে।