১৮ আগষ্টত সদ্ভাৱনা দিৱস পালনৰ সিদ্ধান্ত 

Pc India Map

১৮ আগষ্টত সদ্ভাৱনা দিৱস পালনৰ সিদ্ধান্ত 

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰত চৰকাৰৰ সিদ্ধান্ত মর্মে অসম চৰকাৰে কাইলৈ অর্থাৎ ১৮ আগষ্টত সদ্ভাৱনা দিৱস পালন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। জাতি-ধর্মভাষা-অঞ্চল নির্বিশেষে দেশৰ সকলাে জনসাধাৰণৰ মাজত ৰাষ্ট্ৰীয় সংহতি আৰু সাম্প্রদায়িক সমন্বয় অটুট ৰখাৰ লগতে সকলােৰে মাজত একতাৰ ভাৱ সম্প্রসাৰিত কৰাই হ’ল এই দিৱস উদ্যাপনৰ মূল উদ্দেশ্য। এইবছৰ ১৯ আৰু ২০ আগষ্টত চৰকাৰী বন্ধ থকা বাবে ১৮ আগষ্টত এই দিৱস পালন কৰাৰ বাবে ভাৰত চৰকাৰে সিদ্ধান্ত গ্রহণ কৰে। সেইঅনুসৰি কাইলৈ সকলাে চৰকাৰী বিভাগ আৰু অনুষ্ঠান-প্রতিষ্ঠানত দেশৰ জনসাধাৰণৰ মাজত হিংসা পৰিহাৰ কৰি আন্তৰিক একতা আৰু সম্ভাৱনা বজাইৰাখি সকলাে মতভেদ সাংবিধানিক ব্যৱস্থাৰে সমাধান কৰাৰ বাবে শপত লােৱা হ’ব।