১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীৰ জন্মদিনত হ’ব আনুষ্ঠানিক উদ্বোধন হ’ব অৰুণোদয় ৩.০

১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীৰ জন্মদিনত হ’ব আনুষ্ঠানিক উদ্বোধন হ’ব অৰুণোদয় ৩.০

ৰঙিলী বাৰ্ত্তাসেৱা-  প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ জন্মদিন অৰ্থাৎ অহা ১৭ ছেপ্টেম্বৰত আনুষ্ঠানিকভাবে উদ্বোধন হ’ব অৰুণোদয় ৩.০। ২০১৯ চনতে আৰম্ভ হোৱা অৰুণোদয়ৰ দ্বিতীয় সংস্কৰণত ২৮ লাখ পৰিয়াল অন্তর্ভুক্ত হৈছিল। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰা অনুসৰি অৰুণোদয় ৩.০ অর্থাৎ তৃতীয় সংস্কৰণত মুঠ ৪০ লাখ পৰিয়ালক অন্তর্ভুক্ত কৰা হ’ব। দিছপুৰৰ লোকসেৱা ভৱনত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয়- অৰুণোদয়ৰ তৃতীয় সংস্কৰণ অসমৰ ইতিহাসৰ এক সৰ্ববৃহৎ আঁচনি হ’ব। প্রায় ৪০ লাখ পৰিয়াল অন্তর্ভুক্ত হ’বলগীয়া অৰুণোদয়ৰ তৃতীয় সংস্কৰণৰ বাবে কিছু সময়ৰ প্ৰয়োজন হ’ব। প্রতিটো পৰিয়ালক চিহ্নিত কৰি আঁচনিত নাম অন্তর্ভুক্ত কৰাৰ বাবে আগষ্ট মাহত কোনেও অৰুণোদয়ৰ ধন লাভনকৰে। অহা ১৭ ছেপ্টেম্বৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনটোতে অৰুণোদয় তৃতীয় আঁচনিখন আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব। তৃতীয় সংস্কৰণৰ মূল লক্ষ্য হ’ব প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ তেওঁলোকক এই আঁচনিত অন্তর্ভুক্ত হোৱাৰ কথা অৱগত কৰোৱা হ’ব। ইয়াৰ বাবে প্রতিটো ব্লকত একোজনকৈ অৰুণোদয় সহায়ক থাকিব। এই সহায়কজনে অৰুণোদয় আঁচনিত নাম অন্তর্ভুক্ত হোৱা কোনো হিতাধিকাৰীৰ যদি বেংকত ধন জমা হোৱা নাই বা কে ৱাই চিৰ সমস্যা হৈছে, তেওঁলোকে এই সহায়কজনক অভিযোগ দিব পাৰিব। সমান্তৰালভাৱে ইয়াৰ লগত এটা প’র্টেলো মুকলি হৈ থাকিব। এই প’ৰ্টেলৰ জৰিয়তে কোনো অৰুণোদয় হিতাধিকাৰীয়ে চৰকাৰী চাকৰি লাভ কৰিলে তেওঁ অৰুণোদয় আঁচনি এৰিব পাৰিব। অৰুণোদয়ৰ তৃতীয় সংস্কৰণ গ্ৰহণ কৰাৰ বাবে চৰকাৰে প্ৰতিটো বুথৰ জনসংখ্যা অনুসৰি আঁচনিখনৰ হিতাধিকাৰী নিৰ্বাচিত কৰা হৈছে। যোৱা ছমাহ ধৰি এক দীঘলীয়া প্ৰক্ৰিয়াৰ জৰিয়তে এই হিতাধিকাৰীসকলক নির্বাচিত কৰা হৈছে। অৰুণোদয় ৩.০ৰ কাৰণে যিসকল হিতাধিকাৰী নিৰ্বাচিত হৈছে, তেওঁলোক আধাৰৰ সৈতে লিংক থকা, এপিক কাৰ্ডৰ সৈতে লিংক থকাকো অসমৰ শেষ প’লিং বুথটোৰ হিতাধিকাৰী নিৰ্বাচিত কৰা হৈছে। বিটিআৰ ক বাদ দি সর্বমুঠ অৰুণোদয় হিতাধিকাৰীৰ পৰিয়াল এইবাৰ ৪০ লাখ হ’ব। এই আঁচনিখন সঠিকভাৱে ৰূপায়ণ কৰাৰ বাবে নৱনিৰ্বাচিত পঞ্চায়তৰ প্ৰতিনিধিসকল ঘৰে ঘৰে যাব। প্রতিনিধিসকলে মুখ্যমন্ত্ৰীৰ দ্বাৰা লিখিত এখন পত্র লৈ হিতাধিকাৰীৰ ঘৰলৈ গৈ তেওঁ নির্বাচিত হোৱাৰ খবৰ দিব। এই পত্ৰখনৰ লগতে একোখনকৈ গ্রন্থও দিয়া হ’ব। শ্ৰীমন্ত শংকৰদেৱ, উপেন ব্রহ্ম, মাধৱদেৱ, এপিজে আব্দুল কালাম, গোপীনাথ বৰদলৈ, মূলাগাভৰু, শ্ৰীৰাম, ৰাণী লক্ষ্মীবাঈ, গোমধৰ কোঁৱৰ, লক্ষ্মীনাথ বেজবৰুৱা, স্বামী বিবেকানন্দৰ ওপৰত লিখা এই গ্রন্থসমূহ হিতাধিকাৰীক প্ৰ-পত্ৰৰ সৈতে দিয়া হ’ব। মুখ্যমন্ত্রী ড° শর্মাই ইয়াকো উল্লেখ কৰে যে অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণৰ লগে লগে পৰীক্ষামূলকভাৱে আন এক আঁচনিও চৰকাৰে আৰম্ভ কৰিব। এই আঁচনিৰ জৰিয়তে অৰুণোদয় আঁচনিত অন্তর্ভুক্ত হোৱা হিতাধিকাৰীয়ে যদি ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ ক্ৰয় কৰে, তেন্তে তেওঁক ২৫০ টকাৰ ৰাজসাহায্য প্ৰদান কৰা হ’ব। অৰ্থাৎ অৰুণোদয় পৰিয়ালটোৰ কোনো এজন সদস্যই যদি ৰন্ধন গেছৰ চিলিণ্ডাৰ এটা ক্রয় কৰে, লগে লগে আইঅ’চিয়ে উক্ত পৰিয়ালটোৱে গেছ ক্ৰয় কৰাৰ তথ্য দিব চৰকাৰক। লগে লগে পৰিয়ালটোৰ লোকজনৰ একাউণ্টত আঢ়ৈশ টকা জমা হ’ব। গেছ ক্রয় নকৰিলে এই ৰাজসাহায্য লাভ নকৰিব। ইয়াৰ জৰিয়তে অৰুণোদয়ৰ ১,২৫০ টকাৰ লগতে গেছৰ ৰাজসাহায্য ২৫০ টকা মিলি পৰিয়ালটোৱে লাভ কৰিব ১,৫০০ টকা। অহা বৰ্ষৰ জানুৱাৰী, ফেব্ৰুৱাৰী, মার্চ, এপ্রিল এই চাৰি মাহৰ বাবে পৰীক্ষামূলকভাৱে এই আঁচনি আৰম্ভ কৰা হ’ব। অৰুণোদয় আঁচনিত অন্তর্ভুক্ত হোৱাৰ পত্ৰ চৰকাৰৰ তৰফৰ পৰা লাভ কৰাৰ সময়তে উক্ত পত্ৰৰ লগত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ৰাজসাহায্যৰ বাবে আন এখন পত্রও থাকিব। এই পত্রখনত অৰুণোদয় আঁচনিৰ পৰিয়ালটোৰ যিজন সদস্যৰ নামত ৰন্ধন গেছৰ সংযোগ আছে সেই গেছৰ কনজিউমাৰ নম্বৰ পত্ৰখনত লিখি দিব লাগিব। এই কনজিউমাৰ নম্বৰৰ জৰিয়তে চৰকাৰে আইঅ’চিৰ লগত সংযোগ কৰিব যাতে গেছ ক্ৰয়ৰ লগতে ৰাজসাহায্যৰ ধনো লাভ কৰে। ঘৰে ঘৰে অৰুণোদয় আঁচনি লাভ কৰাৰ খবৰ দিবলৈ যাওঁতে চৰকাৰে গ্ৰহণ কৰা ৰন্ধন গেছৰ ৰাজসাহায্যৰ আঁচনিৰ কথাও অৱগত কৰা হ’ব। মুখ্যমন্ত্রী ড° শর্মাই কয়- এই আঁচনিখন যদি আমি চিন্তা কৰা ধৰণে সকলো ঠিকে ঠাকে থাকে, তেন্তে ভৱিষ্যতৰ দিনতো ইয়াক বলৱৎ কৰা হ’ব।