১৬ হাজাৰ ৮৯০ কোটিত বিক্ৰী ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু
ৰঙিলী বাৰ্ত্তাসেৱা- ক্রিকেট ইতিহাসৰ আটাইতকৈ ব্যয়বহুল দল হিচাপে বিক্রী হ’ল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰচিবি)। আসন্ন আইপিএলত নতুন মালিকৰ অধীনত খেলিব দলটোৱে। দীর্ঘদিন ধৰি আৰচিবিৰ বিক্ৰীৰ বিষয়ে আলোচনা চলি আছিল। অৱশেষত মঙলবাৰে আনুষ্ঠানিকভাৱে ফ্রেনচাইজীটোৰ বিক্ৰী ছীল কৰা হয়। কুমাৰ মংগলম বিৰলাৰ আদিত্য বিৰলা গ্ৰুপৰ নেতৃত্বত এটা কনচর্টিয়ামে আইপিএলৰ অন্যতম জনপ্রিয় ফ্রেনচাইজীটোৰ মালিকীস্বত্ব লাভ কৰিছে। বিৰলাৰ উপৰি এই কনচর্টিয়ামত আছে টাইম্ অৱ ইণ্ডিয়া গ্রুপ, আমেৰিকাৰ ক্ৰীড়া বিনিয়োগকাৰী ডেভিদ ব্লিটজাৰ আৰু আমেৰিকাৰ কোম্পানী ব্লেকষ্টোন। নতুন মালিকৰ ভিতৰত সৰ্বাধিক অংশ লাভ কৰিব আদিত্য বিৰলা গ্রুপে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু বৰ্তমান ব্রিটিছ কোম্পানী ডাইজিঅ’ পিএলচিৰ মালিকানাধীন। অৱশ্যে ডায়েজিঅ’ৰ আৰচিবিৰ পোনপটীয়াকৈ মালিক নহয়, বৰঞ্চ ভাৰতীয় শাখা ইউনাইটেড স্পিৰিটছ লিমিটেডৰ জৰিয়তেহে। আর্থিক সংকটত পৰা ডায়েজিঅ’ পিএলচিয়ে যোৱা বছৰ আইপিএলৰ চেম্পিয়ন হোৱাৰ পিছৰ পৰা দলটোক বিক্ৰী কৰাৰ কথা ভাবিছিল। কেইবাটাও কোম্পানীয়ে ফ্রেনচাইজীটো ক্ৰয় কৰিবলৈ আগ্রহী হৈছিল। শেষত বিৰলাৰ নেতৃত্বাধীন কনচর্টিয়ামে ১.৮ বিলিয়ন মার্কিন ডলাৰ (ভাৰতীয় মুদ্রাত ১৬,৮৯০ কোটি টকা)ত ক্রয় কৰে। মালিকীস্বত্বৰ এই পৰিৱৰ্তনৰ লগে লগে আৰচিবি ক্ৰিকেটৰ ইতিহাসৰ আটাইতকৈ ব্যয়বহুল দল হিচাপে পৰিগণিত হয়। আৰচিবিৰ পূৰ্বে মঙলবাৰে পুৱা অভিলেখ দামত বিক্ৰী হৈছিল ৰাজস্থান ৰয়েলছ। ক’ল সোমানীৰ নেতৃত্বত গঠিত কনচর্টিয়ামে ৰাজস্থান ৰয়েলছক ১.৬৩ বিলিয়ন ডলাৰত ক্ৰয় কৰে। যাৰ মূল্য ভাৰতীয় বজাৰত ১৫,৩০০ কোটি টকা। ৰাজস্থানৰ অভিলেখটো ভংগ কৰিলে আৰচিবিয়ে।
