১৫-১৮ বছৰ বয়সৰ ৫২% শিশুক কোভিড-১৯-ৰ প্ৰতিষেধক প্ৰদান

p.c-The Economic Times

১৫-১৮ বছৰ বয়সৰ ৫২% শিশুক কোভিড-১৯-ৰ প্ৰতিষেধক প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব ৰাজেশ ভূষণে কয় যে ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ৫২% শিশুক কোভিড-১৯ৰ বিৰুদ্ধে প্ৰথম পালিৰ টিকাকৰণ কৰা হৈছে। ভাৰতে ৩ জানুৱাৰীত কিশোৰসকলক টিকাকৰণ আৰম্ভ কৰিছিল। ১৫ বছৰৰ তলৰ শিশুসকলৰ টিকাকৰণৰ বিষয়ে সোধাত ভূষণে কয়, “আমি বৈজ্ঞানিক তথ্যৰ আধাৰত সিদ্ধান্ত লম।”