১৫ ফেব্ৰুৱাৰীৰ ভিতৰত চূড়ান্ত হ’ব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তালিকাঃ মুখ্যমন্ত্ৰী

১৫ ফেব্ৰুৱাৰীৰ ভিতৰত চূড়ান্ত হ’ব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তালিকাঃ মুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত চূড়ান্ত হ’ব আগন্তুক বিধানসভা নির্বাচনৰ বাবে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তালিকা।  বিজেপি জেদী পার্টী নহয়। এই  ঘোষণা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়- বিজেপিৰ ফালৰ পৰা কোনো জেদ নাই। অগপই যদি জিকিব পৰা আসন আছে, তেন্তে তেওঁলোকে তাত খেলক। বিপিএফ-ইউপিপিএলৰ মিত্ৰতাটো হ’লে ভাল। গতিকে সকলো পর্যালোচনা কৰি শেষত আমি স্থিৰ কৰিম যে বিজেপিয়ে কিমানখন আসনত প্রতিদ্বন্দ্বিতা কৰিব। বিজেপি বহুত জেদী পার্টী নহয় যে বহু আসনত খেলিব লাগিব, তেনে কোনো কথা নাই। আমি সকলোৰে সৈতে মিলামিচাৰে আগবাঢ়িম। উল্লেখ্য যে আগন্তুক নির্বাচনত অগপই ৩৫-৪০খন আসন প্রতিদ্বন্দ্বিতাৰ বাবে ইতিমধ্যে বিজেপিৰ ওচৰত প্ৰস্তাৱ উত্থাপন কৰিছে। বিজেপিৰ দখলত থকা কেইবাটাও সমষ্টি আঞ্চলিক দলটোৱে বিচৰাক লৈও বিজেপি দলত তীব্ৰ প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। সমান্তৰালভাৱে ২০২১ চনত অগপই বিজেপিক এৰি সমষ্টি এইবাৰ অগপক এৰি দিয়াৰ বাবেও দলটোৱে দাবী উত্থাপন কৰিছে। স্বাভাৱিকতে এনে দাবী আৰু প্ৰতিক্ৰিয়াৰ মাজতে মুখ্যমন্ত্রী ড° শৰ্মাই আসন ভাগ বাটোৱাৰাৰ বিষয়টো ১৫ ফেব্ৰুৱাৰীৰ পূৰ্বে সম্পূৰ্ণ কৰিব বুলিও ইতিপূর্বে ঘোষণা কৰিছে যদিও বিজেপিয়ে কোনবোৰ সমষ্টিত প্রার্থী প্রক্ষেপ কৰিব সেয়া শাসকীয় দলটোৱে স্থিৰ কৰিব বুলিও স্পষ্ট কৰিছে। এনে পৰিস্থিতিৰ মাজতে আসন বুজাবুজিৰ ক্ষেত্ৰত বিজেপিয়ে কঠোৰ হোৱাৰ পৰিৱৰ্তে নৰম স্থিতি গ্রহণ কৰিব বুলি মুখ্যমন্ত্রী ড° শৰ্মাই স্পষ্ট কৰে। মুখ্যমন্ত্ৰী ড° শৰ্মাৰ স্পষ্ট মন্তব্য- বিজেপি জেদী পার্টী নহয়, বুজাবুজি কৰি আসন ভগাই লোৱা হ’ব।