১৫ ফেব্ৰুৱাৰীৰ পূর্বে সম্পন্ন হ’ব মিত্রতাঃমুখ্যমন্ত্ৰী

১৫ ফেব্ৰুৱাৰীৰ পূর্বে সম্পন্ন হ’ব মিত্রতাঃমুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  আগন্তুক ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি আৰু মিত্ৰদলৰ আসন বুজাবুজিৰ প্রক্রিয়া ক্ষিপ্ৰতাৰে আগবাঢ়িছে। মিত্রদল অগপ, বিপিএফ আৰু ইউপিপিএলৰ সৈতে আসন বুজাবুজিক লৈ ইতিমধ্যে প্ৰাৰম্ভিক আলোচনা প্রায় সম্পূর্ণ কৰা বিজেপিয়ে ১৫ ফেব্ৰুৱাৰীৰ পূৰ্বে মিত্ৰতা চূড়ান্ত কৰিব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰিছে। লখিমপুৰত সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয়- ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত সকলো প্ৰক্ৰিয়া সম্পূর্ণ হ’ব। কালি হাগ্রামা মহিলাৰীক লৈ কেন্দ্ৰীয় গৃহমন্ত্রীক মই সাক্ষাৎ কৰিছোঁ। ইয়াৰ পূৰ্বে ইউপিপিএলৰ সভাপতি প্রমোদ বড়োৱেও অমিত শ্বাহক সাক্ষাৎ কৰিছে। তদুপৰি অগপ সভাপতি অতুল বৰাৰ সৈতেও মই দীঘলীয়া বাৰ্তালাপ কৰিছোঁ। মিত্ৰতাক লৈ আমাৰ কথা-বতৰা চলি আছে। যথেষ্ট সুন্দৰকৈ আসন বুজাবুজিৰ বিষয়টো চূড়ান্ত হৈ যাব। উল্লেখ্য যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে নিশা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰে। নিশা ৯ বজাত প্রায় আধাঘণ্টা ধৰি চলা আলোচনাকালত বিটিচিপ্রধান তথা বিপিএপৰ মুৰব্বী হাগ্ৰামা মহিলাৰীও উপস্থিত থাকে। বৈঠকত আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিক লৈ আলোচনা হয়। বিশেষকৈ এনডিএৰ অংশীদাৰী দল হিচাপে বিটিএডিত বিপিএফৰ সৈতে মিত্ৰতা প্রায় চূড়ান্ত যদিও প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলৰ সৈতে আসন বুজাবুজি সম্ভৱ হয় নে নহয় তাক লৈও আলোচনা কৰা হয়। আনহাতে আন এক মিত্ৰদল অগপৰ সৈতে মিত্ৰতাৰ সমীকৰণৰ বিষয়টোও উত্থাপন কৰে মুখ্যমন্ত্রী ড° শৰ্মাই। পূৰ্বৰ নিৰ্বাচনতকৈ অধিক আসনত প্রতিদ্বন্দ্বিতা কৰিব বিচৰা অগপক কিদৰে সন্তুষ্ট কৰিব পাৰি সেই বিষয়ত আলোচনা কৰা হয়।