১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ ভয়ংকৰ পথ দূৰ্ঘটনা 

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ ভয়ংকৰ পথ দূৰ্ঘটনা 

মঙ্গলদৈ, কিশোৰ কুমাৰ শৰ্মা,ৰঙিলী বাৰ্ত্তাসেৱা-   ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত মাৰৈত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এক বাছ দুৰ্ঘটনা সংঘটিত হয় । প্ৰাপ্ত তথ্য অনুসৰি মঙলদৈৰ পৰা গুৱাহাটী অভিমুখী মা মনসা নামৰ আলট্ৰা বাছখন দুৰ্ঘটনাত পতিত হয়। তীব্ৰবেগী AS25AC 8699নম্বৰৰ আলট্ৰা বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই মূল পথৰ পৰা সমীপৰ পানীৰে পৰিপূৰ্ণ পথাৰত সোমাই পৰে। দুৰ্ঘটনাত গুৰুতৰভাৱে ভাবে আহত মহিলা শিশু সহ যাত্ৰীসকলক স্থানীয় আৰক্ষী আৰু ৰাইজে উদ্ধাৰ কৰি ছিপাঝাৰ প্ৰাথমিক সামূহিক চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰে। জিলা খনৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱাত প্ৰতিযোগিতাত নামি যাত্ৰী সংগ্ৰহ কৰা আলট্ৰা বাছৰ লগতে ট্ৰাক ,ডাম্পাৰৰ দৌৰাত্ম্যই সৰ্বসাধাৰণ ৰাইজ আৰু পথাচাৰীৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে বুলি প্ৰায়ে অভিযোগ উত্থাপিত হয়। সচেতন মহলে এই ক্ষেত্ৰত জিলা প্ৰশাসন আৰু আৰক্ষীৰ কঠোৰ পদক্ষেপ কামনা কৰিছে।