১৫ আগষ্টত স্বাধীনতা দিৱস বৰ্জন আলফা(স্বা)ৰ

Pc Northeast Now( assamese)

১৫ আগষ্টত স্বাধীনতা দিৱস বৰ্জন আলফা(স্বা)ৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ১৫ আগষ্টলৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ সময়তে সমগ্ৰ দেশতে চৰকাৰে স্বাধীনতা দিৱস উদযাপনৰ বিভিন্ন প্ৰস্তুতি আৰম্ভ কৰিছে।দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদী কা অমৃত মহোৎসৱকে ধৰি বিভিন্ন ধৰণৰ কাৰ্যসূচী অব্যাহত ৰাখিছে।ইফালে ১৫ আগষ্টত আলফ(স্বা)য়ে সকলোকে স্বাধীনতা দিৱস বৰ্জন কৰিবলৈ আহ্বান জনাইছে।১৪ আগষ্টৰ মাজ নিশাৰ পৰা ১৫ আগষ্টৰ সন্ধিয়া ৬ বজালৈ এই বন্ধ আহ্বান কৰিছে।আলফা(স্বা), এন এছ চি এন আৰু জি পি আৰ এনে এক যৌথ বিবৃতিত এই কথা ঘোষণা কৰিছে।অৱশ্যে, জৰুৰীকালীন সেৱা, সংবাদ মাধ্যম, ধৰ্মীয় অনুষ্ঠানসমূহক বন্ধৰ পৰা ৰেহাই দিয়া হৈছে।