১৫ অক্টোবৰত ঘোষণা কৰা হ’ব এডিআৰই পৰীক্ষাৰ চতুৰ্থবৰ্গৰ ফলাফল 

 ১৫ অক্টোবৰত ঘোষণা কৰা হ’ব এডিআৰই পৰীক্ষাৰ চতুৰ্থবৰ্গৰ ফলাফল 

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰে বহুপ্রতীক্ষিত অসম আৰক্ষীৰ ৫,৬১৪টা কনিষ্টবল পদৰ ফলাফল ঘোষণা কৰে।ৰাজ্যৰ নিবনুৱাসকললৈ কঢ়িওৱা এই সুখৰ বতৰাত আনন্দ প্রকাশ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে প্রার্থীসকলৰ পিতৃ-মাতৃৰ চকুত দেখা আনন্দই আমাক উৎফুল্লিত কৰি তুলিছে। উল্লেখ্য যে অসম আৰক্ষীৰ লগতে স্বাস্থ্য বিভাগৰ অধীনত অনুষ্ঠিত কাৰিকৰী-অকাৰিকৰী বিভাগৰ মুঠ ৩,৬৯৮টা পদৰ ফলাফলো ঘোষণা হোৱাৰ পথত আগবাঢ়িছে। ৰবিবাৰে সন্ধিয়া ফেচবুক লাইভযোগে মুখ্যমন্ত্রী ড° শর্মাই কয় যে অহা ১৫ অক্টোবৰত এডিআৰই পৰীক্ষাৰ চতুৰ্থবৰ্গৰ পদসমূহৰ ফলাফল দিনৰ ১০.৩০ বজাত ঘোষণা কৰা হ’ব। আগন্তুক কেইবাটাও নিযুক্তিৰ প্ৰসংগ ব্যক্ত কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে ১৫ অক্টোবৰৰ পৰা ১৭ অক্টোবৰৰ ভিতৰত স্নাতকোত্তৰ শিক্ষকৰ পদসমূহৰ ফলাফল ঘোষণা কৰা হ’ব। তাৰ পাছতে প্রাথমিক শিক্ষকৰ ফলাফল ঘোষণা কৰা হ’ব। নিবনুৱালৈ আশাৰ বতৰা কঢ়িয়াই মুখ্যমন্ত্রী ড° শর্মাই কয় যে অক্টোবৰ মাহৰ ভিতৰতে ৩৫ হাজাৰ নিবনুৱাই চৰকাৰী কর্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হ’ব। তেওঁ কয় যে যোৱা নিৰ্বাচনত আমি ১ লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্রুতি দিছিলোঁ। কংগ্রেছে মোক হাঁহিছিল। আমাৰ দলৰ ভিতৰতো কিছু চিন্তা হৈছিল। কিন্তু আজি ১ লাখ নিযুক্তিৰ প্ৰতিশ্রুতি আমি নিজেই ভংগ কৰি ২ লাখ নিযুক্তিৰ দিশে ধাৱমান হৈছোঁ। অসমৰ নিবনুৱা যুৱক-যুৱতীক দিয়া প্রতিশ্রুতি সম্পূর্ণকে পালন কৰিবলৈ পাই সঁচাকৈ আনন্দিত হৈ পৰা মুখ্যমন্ত্রী ড° শৰ্মাই ইয়াৰ বাবে পৰম পিতাক ধন্যবাদ জ্ঞাপন কৰে। অকল সেয়াই নহয়, আগন্তুক ৫ বছৰতো ৰাজ্যৰ বিভিন্ন চৰকাৰী বিভাগত নিযুক্তিৰ বাবে পৰিকল্পনা চৰকাৰে যুগুত কৰা বুলি ড° শৰ্মাই উল্লেখ কৰে। তদুপৰি আগন্তুক নৱেম্বৰ মাহৰ শেষৰফালে অসম আৰক্ষীত পুনৰ কেইবাহাজাৰ পদ চৰকাৰে মুকলি কৰি দিয়াৰ লগতে প্রাথমিক শিক্ষাখণ্ডতো পুনৰ ৪ হাজাৰ পদত নিযুক্তি প্রক্রিয়া আৰম্ভ কৰিব বুলি মুখ্যমন্ত্রী ড° শর্মাই লগতে কয়।