১৫০ দিনীয়া ‘ভাৰত জোৰো যাত্ৰা’ কাৰ্যসূচীৰ সময়ত কন্টেনাৰত কটাব যুৱৰাজ ৰাহুল গান্ধীয়ে

Pc Times of India

ৰঙিলী বাৰ্ত্তাসেৱা- ১৫০ দিনীয়া ‘ভাৰত জোৰো যাত্ৰা’ কাৰ্যসূচীৰ সময়ত ৰাহুল গান্ধীয়ে এটা কন্টেনাৰত দিন অতিবাহিত কৰিব, য’ত থকা-খোৱাৰ বিশেষ ব্যৱস্থা কৰা হৈছে।ৰাহুল গান্ধী আৰু তেওঁৰ সৈতে যোৱা যাত্ৰীসকল কোনো পঞ্চতাৰকা হোটেলত আশ্ৰয় নলয় বুলি জানিব পৰা গৈছে। কন্টেনাৰটোত শুবলৈ বিচনা আৰু শৌচালয়ৰ সু-ব্যৱস্থা কৰা হৈছে। এনেধৰণৰ ৫০ টাতকৈও অধিক কন্টেনাৰ প্ৰস্তুত কৰা হৈছে, যি যাত্ৰা অনুসৰি তেওঁলোকৰ গন্তব্যস্থানত উপনীত হ’ব আৰু যাত্ৰা সমাপ্ত হোৱাৰ পিছত প্ৰতিদিনে, যাত্ৰীসকলে একোটা কন্টেনাৰত নিশাটো কটাব।