১৪ ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী
ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ডাভোছৰ পৰা ফেচবুক লাইভযোগে এই কথা ঘোষণা কৰে। ১৪ ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব লগা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হোৱা গুৱাহাটী-উত্তৰ গুৱাহাটী দলংখন মুকলি কৰাৰ লগতে ১০০খন গ্রীন বাছৰ সেৱাও মুকলি কৰিব। এই ভ্রমণকালতে কোকৰাঝাৰ-গেলেফু ৰে’ললাইনৰ শুভাৰম্ভণি আৰু ৰে’ল ইঞ্জিন নিৰ্মাণৰ কাৰখানা এটাৰো শুভাৰম্ভ কৰিব বুলি মুখ্যমন্ত্রী ড° শৰ্মাই প্ৰকাশ কৰে। সমান্তৰালভাৱে প্রধানমন্ত্রী মোদীয়ে ২২ হাজাৰ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগা গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ হাইৱে’ৰ আধাৰশিলা স্থাপন কৰিব। এই ভ্রমণকালতে প্ৰধানমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ মৰাণত ভাৰতীয় বায়ুসেনাই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নতুনকৈ নিৰ্মাণ কৰা জৰুৰীকালীন অৱতৰণ ষ্ট্ৰিপৰ ব্যৱহাৰৰ শুভ উদ্বোধন কৰিব। অৰ্থাৎ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচীৰ জৰিয়তে নিজেই সেনাবাহিনীৰ ছুখয় বা ৰাফেলৰ দৰে যুঁজাৰু বিমানত বহি ৰাষ্ট্ৰীয় ঘাইপথত অৱতৰণ কৰাৰ সম্ভাৱনা আছে। ইফালে মুখ্যমন্ত্রীয়ে ফেচবুক লাইভযোগে উল্লেখ কৰে যে অহা ১২ ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ দুহাজাৰ যুৱক-যুৱতীক নিযুক্তি প্রদান কৰা হ’ব। আনহাতে অহা ৭ ফেব্ৰুৱাৰীত মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত ৭৫ হাজাৰ যুৱকক প্রথম কিস্তিৰ এক লাখ টকা প্রদান কৰিব মুখ্যমন্ত্ৰীয়ে। ইয়াৰ বাবে ৭ ফেব্ৰুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰীলৈ কেইবাখনো জিলাত অনুষ্ঠিত হ’ব পুঁজি বিতৰণ সভা। ইফালে ৩০ জানুৱাৰীত অসমলৈ আহিব লগা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ডিব্ৰুগড়ত অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰিব বুলি মুখ্যমন্ত্রী ড° শর্মাই ফেচবুক লাইভযোগে জানিবলৈ দিয়ে। মুখ্যমন্ত্রীয়ে অহা ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ পতাকা ডিব্ৰুগড়ত উত্তোলন কৰিব বুলিও ঘোষণা কৰিছে। ডোভাছৰ পৰা উভতি ২৪ জানুৱাৰীত কামৰূপ জিলাৰ বৰক্ষেত্ৰীত উদ্যমিতা আঁচনিৰ পুঁজি বিতৰণ সভাত অংশগ্ৰহণৰ পাছতে ২৫ জানুৱাৰীত ডুমডুমাত মুখ্যমন্ত্রীয়ে এটি কলি দুটি পাত আঁচনিৰ শুভাৰম্ভ কৰিব। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ প্ৰতিগৰাকী চাহ শ্রমিকক প্ৰদান কৰা হ’ব ৫ হাজাৰ টকাকৈ।
