১৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্রধানমন্ত্রী
ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৰাণৰ চাৰিলেনযুক্ত পথত নির্মাণ সম্পূর্ণ হৈ উঠা বায়ুসেনাৰ জৰুৰী অৱতৰণ সেৱা (Emergency Landing Facility) চমুকৈ ইএলএফ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব । এই উদ্দেশ্যে অহা ১৪ ফেব্ৰুৱাৰীত এদিনীয়া কাৰ্যসূচীৰে অসম ভ্রমণলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী মোদীৰ ১৪ ফেব্ৰুৱাৰীৰ অসম ভ্ৰমণৰ কাৰ্যসূচী সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে সেইদিনা প্রধানমন্ত্রী মোদী গুৱাহাটীত উপস্থিত হৈ প্রথমে উত্তৰ গুৱাহাটী-গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতুখন উদ্বোধন কৰিব। ইয়াৰ পিছতে প্রধানমন্ত্রী মোদীয়ে পলাশবাৰীৰ যি ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেন্ট (আইআইএম) হ’ব, তাৰ পাঠদানৰ শুভাৰম্ভ কৰিব। সদ্যহতে বঙৰাৰ পৰা শিক্ষা প্রতিষ্ঠানখনৰ পাঠদানৰ শুভ আৰম্ভণি কৰা হ’ব। তাৰ পিছত প্রধানমন্ত্রী মোদীয়ে গুৱাহাটী মহানগৰীৰ বাবে ১০০খন ইলেকট্রিক বাছৰ শুভ উদ্বোধন কৰিব আৰু গুৱাহাটীত এনআইচিএছৰ এটা কেন্দ্ৰও উদ্বোধন কৰিব। ইয়াৰ পিছত প্রধানমন্ত্রী মোদী খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰলৈ গৈ ভাৰতীয় জনতা পাটীৰ বুথ সন্মিলন সভা এখনত অংশগ্ৰহণ কৰিব। বুথ সন্মিলনত অংশগ্ৰহণ কৰি পিছত মোদী ডিব্ৰুগড়লৈ যাব আৰু ডিব্ৰুগড়ৰ মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত প্ৰধানমন্ত্ৰীৰ বিমান অৱতৰণ কৰিব। সেই সময়তে ভাৰতীয় বায়ুসেনাৰ ৰাফেল, ছুখয় আদিকে ধৰি বিভিন্ন বিমান আহি অৱতৰণ কৰিব। তাত প্রধানমন্ত্রী মোদী ৩০-৪০ মিনিট সময় কটাব। মুখ্যমন্ত্রী ড° শর্মাই কয় যে অহা মার্চ মাহত প্রধানমন্ত্রী মোদী পুনৰ অসম ভ্ৰমণলৈ আহিব। আনহাতে প্ৰধানমন্ত্ৰী মোদীৰ আগমনক লৈ তৎপৰ হৈ পৰিছে ডিব্ৰুগড় জিলা প্রশাসন, ইএলএফ নির্মাণৰ লগত জড়িত প্রতিষ্ঠান আৰু ভাৰতীয় বায়ুসেনা। উল্লেখ্য ডিব্ৰুগড় জিলাৰ মৰাণ বাইপাছৰ জটিয়নীত চাৰিলেনযুক্ত পথৰ ৪২ কিল’মিটাৰ অংশ নির্মাণ কৰা হৈছে ইএলএফ হিচাপে। ভাৰতীয় বায়ুসেনাৰ তত্ত্বাৱধানত পশ্চিমবংগৰ এটা ঠিকাদাৰী প্রতিষ্ঠানে এই নির্মাণকার্য সম্পূৰ্ণ কৰি তুলিছে। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্রথম এইজৰুৰী অৱতৰণ সেৱাই মৰাণলৈ যুগান্তকাৰী পৰিৱৰ্তন আনিছে। এতিয়া দেশৰ আপাতকালীন পৰিস্থিতিৰ সময়ত মৰাণৰ ৰাজপথটো যিকোনো সময়তে অৱতৰণ কৰিব পাৰিব ভাৰতীয় বায়ুসেনাৰ বাফেল, সুখয়, মিগ আদি যুঁজাৰু বিমান। প্রধানমন্ত্রীৰ উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি এক এয়াৰ শ্ব’ অনুষ্ঠিত কৰাৰ সম্ভাবনাও ইতিমধ্যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ব্যক্ত কৰিছে। এইলৈ এতিয়া প্ৰাৰম্ভিক প্রস্তুতি পৰিলক্ষিত হৈছে মৰাণৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ এই বিশেষ স্থানত। আজি মৰাণৰ জটিয়নীত ইএলএফৰ কাষতে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ শীর্ষ বিষয়াসকলৰ উপস্থিতিত এখন উচ্চক্তৰীয় বৈঠক অনুষ্ঠিত হয়। এই সময়ছোৱাত অহা ১৪ ফেব্রুৱাৰীৰ কাৰ্যসূচী সন্দৰ্ভত প্ৰাৰম্ভিক আলোচনা হয়। সভাত অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটা, অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান হৰমীত সিং, ডিব্ৰুগড় জিলাৰ আযুক্ত বিক্ৰম কৈৰীৰ উপৰি ভাৰতীয় বায়ুসেনা বিভাগৰ শীর্ষ বিষয়া আৰু বিভিন্ন বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে।
