১৪খন আসনতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিবঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
ৰঙিলী বাৰ্ত্তাসেৱা- এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলৰ দুৰ্গ ধুবুৰী লোকসভাত অগপ তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ নির্বাচনী প্ৰচাৰ চলাবলৈ গৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয় যে অসমৰ লোকসভাৰ ১৪খন আসনৰ ভিতৰত ১৪খনতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ধুবুৰী লোকসভাৰ ছবিখনো ক্ৰমাৎ স্পষ্ট হৈ আহিছে। অহা ৬ মে’ৰ গধূলিলৈ সমগ্র ছবিখন স্পষ্ট হৈ পৰিব। ধুবুৰী লোকসভাত এআইইউডিএফ আৰু কংগ্ৰেছৰ মাজত তুমুল প্রতিদ্বন্দ্বিতা হ’ব। তিনিকোণীয়া প্রতিদ্বন্দ্বিতাত অগপ জয়ী হোৱাৰ সম্ভাৱনাই প্রবল। আনহাতে ধুবুৰীত নির্বাচনী প্ৰচাৰ চলাবলৈ আহি কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধীয়ে অসমত মাফিয়াগিৰি চলি আছে বুলি কৰা মন্তব্যৰ তীব্ৰ প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে প্রিয়ংকা গান্ধীয়ে কংগ্ৰেছৰ শাসন দেখা নাই। ইয়াত কি মাফিয়াগিৰি আছে বুলি প্রিয়ংকা গান্ধীক উভতি ধৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে অসমত এতিয়া বোমা বিস্ফোৰণ নাই, গুলী নাই, আলফা নাই, এনডিএফবি নাই। ইয়াত ‘কৌন চা মাফিয়াগিৰি’ আছে? অকল ৰকিবুল হুছেইনৰ মাফিয়াগিৰি আছিল। প্রিয়ংকা গান্ধীয়ে তেওঁৰ ভাষণত গঁড় হত্যাৰ কথা নক’লে। ধুতী- লুঙীৰ কথা তেওঁ নক’লে। এই প্রসংগতে মুখ্যমন্ত্রীগৰাকীয়ে আৰু কয় যে বিনা পইচাত চাকৰি পোৱাটো যদি মাফিয়াৰাজ হয়, ৩০ লাখ পৰিয়ালে অৰুণোদয় পোৱাটো যদি মাফিয়াৰাজ হয়, তেতিয়াহ’লে মানুহক মাফিয়াৰাজেই লাগে। প্রিয়ংকা গান্ধী-ৰাহুল গান্ধী অসমত নচলে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আৰু কয় যে তেওঁলোকৰ এতিয়া ম্যাদ উকলি গৈছে। আনকি আজি তেওঁৰ গোলকগঞ্জৰ নিৰ্বাচনী প্ৰচাৰ সভাখনত যিমান মানুহ গোট খাইছে সিমান মানুহ প্রিয়ংকা গান্ধীয়ে ধুবুৰী লোকসভাক লৈ অনুষ্ঠিত কৰা সভাখনতো গোট খোৱা নাছিল। কংগ্রেছ নেত্রী প্ৰিয়ংকা গান্ধীৰ ভাষণৰ প্রতিক্রিয়া ব্যক্ত কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গোলকগঞ্জৰ নিৰ্বাচনী প্ৰচাৰ সভাখনত কয় যে প্রিয়ংকা গান্ধীয়ে ধুবুৰীলৈ আহি অৰুণোদয় আঁচনিখন বেয়া বুলি ক’লে। আজি কংগ্ৰেছৰ মানুহে ভালটোও বেয়া দেখে, বেয়াটোক ভাল দেখে। কংগ্ৰেছৰ দিনত অসমত বোমা বিস্ফোৰণ, গুলী-বাৰুদ আৰু আন্দোলন আছিল। খাটিখোৱা মানুহে কাম কৰিব নোৱাৰিছিল। অসমখনত একো শান্তি নাছিল। বিজেপি চৰকাৰে অসমত সম্পূৰ্ণৰূপে শান্তি প্রতিষ্ঠা কৰিলে। এতিয়া অসমত বোমা বিস্ফোৰণ, গুলী-বাৰুদ, আন্দোলন নাই। কংগ্ৰেছে ১৫ বছৰীয়া শাসনকালত কেৱল ধুতী-লুঙী, সূতা, আঁঠুৱা আৰু কম্বল বিতৰণ কৰিলে। তেওঁলোকে চাকৰি দিয়া নাছিল, উদ্যোগ অনা নাছিল, কর্মসংস্থাপন দিয়া নাছিল।