১৩ মাৰ্চৰ পৰা বঙাইগাঁৱত অসম গ্ৰন্থমেলা, বঙাইগাঁও অংশগ্ৰহণৰ প্ৰ-পত্ৰ মুকলি
গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী, ধেমাজি, যোৰহাট, নলবাৰী আৰু ডিব্ৰু অভূতপূর্ব সাফল্যৰ পাছত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত অহা ১৩ মাৰ্চৰ পৰা ১৯ মার্চ, ২০২৩লৈ বঙাইগাঁৱৰ গান্ধী ময়দানত আয়োজন কৰা হৈছে অসম গ্ৰন্থমেলা, বঙাইগাঁৱৰ। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাই যোৱা ২০২১ বৰ্ষত গুৱাহাটীত প্রথম অসম গ্ৰন্থমেলাৰ পাতনি মেলি এই যাত্রাক অসমৰ বিভিন্ন প্ৰান্তলৈ সম্প্ৰসাৰিত কৰাৰ চেষ্টা চলাইছে। যোৱা বছৰ ৪ নৱেম্বৰৰ পৰা ধেমাজিকে ধৰি চলিত বিত্তীয় বৰ্ষত অসমৰ কেইবাখনো চহৰত আয়োজন কৰা অসম গ্ৰন্থমেলাৰ অন্তিমখন গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে বঙাইগাঁও চহৰত। অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এটা বিজ্ঞপ্তিযোগে জনাইছে যে বঙাইগাঁৱৰ ঐতিহ্যমণ্ডিত গান্ধী ময়দানত অনুষ্ঠিত হ’বলগীয়া অসম গ্ৰন্থমেলা, বঙাইগাঁৱৰ যাবতীয় প্রস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। অসম গ্রন্থমেলা, বঙাইগাঁৱত অংশগ্ৰহণ কৰিব বিচৰা গ্ৰন্থ বিক্রেতা তথা গ্রন্থ প্রকাশকসকলৰ বাবে প্ৰ-পত্ৰ বিতৰণৰ ব্যৱস্থা ইতিমধ্যে কৰা হৈছে। ইচ্ছুক প্ৰকাশক আৰু বিপণীসমূহে এই সম্পর্কত সবিশেষ জানিবৰ বাবে ১৮৬৪৬-৫১২৭১ আৰু ১৮৬৪০-১৬০৮৩ ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব। অংশগ্রহণত ইচ্ছুকসকলে অসম প্ৰকাশন পৰিষদ অথবা সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ কাৰ্যালয়ৰ পৰাও প্ৰ-পত্ৰ সংগ্ৰহ কৰিব পাৰিব।