১৩ৰ পৰা ১৫ আগষ্টলৈ অসমৰ প্ৰতিটো পৰিয়ালক ঘৰত জাতীয় পতাকা লগাবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান

Pc The Janambhumi

১৩ৰ পৰা ১৫ আগষ্টলৈ অসমৰ প্ৰতিটো পৰিয়ালক ঘৰত জাতীয় পতাকা লগাবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান

ৰঙিলী বাৰ্ত্তাসেৱা-  ১৩ৰপৰা ১৫ আগষ্টলৈ সকলোকে নিজ নিজ গৃহত জাতীয় পতাকা উত্তোলনৰ আহ্বান মুখ্যমন্ত্ৰীৰ।আজি ওদালগুৰিত সৌৰশক্তি প্ৰকল্পৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই প্ৰকল্পৰ জৰিয়তে ৬৫ হাজাৰ লোকে পোনপটীয়াকৈ পাব বিদ্যুৎ সেৱা।২০২৬ চনৰ ভিতৰত ৫০ শতাংশ সৌৰশক্তিৰ দ্বাৰা উৎপাদিত বিদ্যুৎ শক্তি উৎপাদনৰ লক্ষ্য অসম চৰকাৰৰ।উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে,”এন আৰ চি কাৰ্যালয়ত নহয়, এইবাৰ পতাকা উত্তোলন কৰিহে প্ৰমাণ দিব লাগিব ভাৰত মাতাৰ সন্তান।স্বদেশ প্ৰেমৰ প্ৰমাণ দিবলৈ ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ সকলোৱে প্ৰতিঘৰত উত্তোলন কৰিব লাগিব ত্ৰিৰংগা পতাকা।ৰেচনৰ দোকানৰ পৰা ১৬ টকাত কিনিব লাগিব ৰাষ্ট্ৰীয় পতাকা।”উল্লেখযোগ্য যে ,১৩ৰ পৰা ১৫ আগষ্টলৈ অসমৰ প্ৰতিটো পৰিয়ালক ঘৰত জাতীয় পতাকা লগাবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ।